আশা পূৰণ হ’ল শিলচৰৰ এজন দিব্যাংগ ছাত্ৰৰ

7

আশা পূৰণ হ’ল শিলচৰৰ এজন দিব্যাংগ ছাত্ৰৰ

আশা পূৰণ হ’ল শিলচৰৰ এজন দিব্যাংগ ছাত্ৰ অভিজিৎ গতানীৰ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পূৰণ কৰিলে অভিজিতৰ সপোন। অভিজিতে নিজ হাতে অংকন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীৰ প্ৰতিচ্ছবি। আৰু এই অংকন কৰা প্ৰতিচ্ছবি নিজ হাতে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীক অৰ্পন কৰাৰ সপোন আছিল অভিজিতৰ। আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অভিজিতৰ এই সপোনৰ কথা পত্ৰযোগে অৱগত কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীক। আৰু এই পত্ৰ পোৱাৰ পিছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাসহ মাতি পঠিয়াইছিল শিলচৰৰ দিব্যাংগ ছাত্ৰ অভিজিৎ গতানীক। আজি শুক্ৰবাৰে মুখ্যমন্ত্রী গৰাকীয়ে দিল্লীৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ লৈ গৈছিল অভিজিৎ গতানীক।

আৰু আজি অভিজিতৰ এই সপোন পূৰণ হ’ল। অভিজিৎ সন্দৰ্ভত মুখ্যমন্ত্রী গৰাকীয়ে কয় যে প্ৰায় তিনি বছৰ বয়সৰ পৰাই অভিজিৎ অংকণ কাৰ্য কৰি আহিছে। আৰু উল্লেখনীয় যে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এখন সাধাৰণ বিদ্যালয়ত পঢ়িয়ে ৮০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here