আশাৰ বাৰ্তা, চৰকাৰী চাকৰিৰ নতুন সুযোগ

0
541

আশাৰ বাৰ্তা, চৰকাৰী চাকৰিৰ নতুন সুযোগ

ছৰে ৫ কোটি কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল মোদী চৰকাৰ| কিন্তু প্ৰথম দফাত সেয়া পূৰণ কৰিবলৈ সক্ষম হোৱা নাই| এনে অভিযোগ উত্থাপন কৰি আহিছে বিৰোধীসকলে| সেয়ে দ্বিতীয় দফাত নতুনকৈ কৰ্মসংস্থাপন তৈয়াৰ কৰাৰ ওপৰত জোৰ দিছে মোদী চৰকাৰ| চৰকাৰী চাকৰিত নতুন সযোগৰ সৃষ্টি কৰি ৭ লাখ কৰ্মচাৰী নিয়োগ কৰিবলৈ প্ৰস্তুতি চলাইছে মোদী চৰকাৰ| বৃহস্পতিবাৰে এই কথা সাদৰী কৰিছে কেন্দ্ৰীয় মন্ত্রী জিতেন্দ্ৰ সিং|
মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে, বিভিন্ন বিভাগত মুঠ ৬,৮৩,৮২৩ টা পদ খালী হৈছে| তাৰ মাজত ৫,৭৪,২৮৯ টা গ্ৰুপ চি, ৮৯,৬৩৮ টা গ্ৰুপ বি আৰু ১৯,৮৯৬ টা গ্ৰুপ এ পদত নিয়োগ কৰা হব| ২০১৮ চনৰ ১ মাৰ্চৰ পৰা খালী হৈ আছে এইসমূহ পদ| আনহাতে ষ্টাফ ছেলেকশ্বন কমিছন(SSC)ৰ মাধ্যমত ১,০৫,৩৩৮ টা শূন্য পদ পূৰণ কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে|
 ২০১৭-১৮ আৰ্থিক বৰ্ষত ৰেল বিভাগত একাধিক পদ খালী হৈছে| গ্ৰুপ এ আৰু গ্ৰুপ চি স্তৰৰ নিয়োগ প্ৰক্ৰিয়াও আৰম্ভ হৈছে| কৰ্মসংস্থাপনৰ ওপৰত বিৰোধীয়ে কৰা আক্ৰমনৰ প্ৰত্যুত্তৰ দিবলৈ গৈ অহা দুই বছৰৰ ভিতৰত আৰু বহু নতুন নতুন কৰ্মসংস্থাপন তৈয়াৰ হব বুলিও জনাইছে কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে|

News Desk : NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here