আলিগড় মুছলিম ইউনিভাৰচিটিত আৰম্ভ হব সনাতন ধৰ্মৰ শিক্ষা
আলিগড় মুছলিম ইউনিভাৰচিটি চমুকৈ AAMU ত এই বৰ্ষৰ পৰা আৰম্ভ হব সনাতন ধৰ্মৰ শিক্ষা । AAMU ৰ শতবাৰ্ষিকী সমাৰোহৰ লগত সংগতি ৰাখি এই সিদ্ধান্ত AAMU কৰ্তৃপক্ষৰ ।
উল্লেখ্য যে , AAMU ৰ শতবাৰ্ষিকীৰ এক অনুষ্ঠানত ভাৰ্চুৱেলি উপস্থিত আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । সমাৰোহত ভাগ লৈ AAMU ৰ ইচলামিক ষ্টাডিছ ডিপাৰ্টমেন্টক প্ৰশংসা কৰিছিল প্ৰধানমন্ত্ৰীয়ে ।
ইয়াৰ পিচতে ইচলামিক ষ্টাডিছ ডিপাৰ্টমেন্টৰ চেয়াৰমেন প্ৰোফেচাৰ মহম্মদ ইচমাইলে জনায় যে , বিভাগটোৱে বিশ্ববিদ্যালয়খনত এতিয়াৰে পৰা আৰম্ভ কৰিব কম্প্ৰেটিভ ৰিলিজন কোৰ্চ । এই কোৰ্চৰ অধীনত স্নাতক আৰু প্ৰো স্নাতক শ্ৰেণীৰ শিক্ষাৰ্থীক সনাতন ধৰ্মৰ শিক্ষা দিয়া হব । লগতে অন্যান্য বিভিন্ন ধৰ্মৰ শিক্ষাও প্ৰদান কৰা হব ।
বিশ্ববিদ্যালয় খনৰ কৰ্তৃপক্ষই জনায় যে , এই কোৰ্চ আৰম্ভ হব অহা শিক্ষা বৰ্ষৰ পৰা । ইতিমধ্যে ইয়াক লৈ বোৰ্ড অৱ ষ্টাডিজ আৰু একাডেমিক কাউঞ্চিলত আলোচনা অব্যাহত আছে ।
আনহাতে AAMU কৰ্তৃপক্ষই সিদ্ধান্ত লৈছে যে , ইচলামিক ষ্টাডিজ বিভাগৰ শিক্ষাৰ্থীক পঢ়ুৱাই অহা ইজিপ্ত আৰু পাকিস্থানৰ লিখকৰ দ্বাৰা লিখিত পাঠ্যপুথি সমুহ চিলেবাছৰ পৰা আতঁৰ কৰাৰ বাবে চিন্তা চৰ্চা আৰম্ভ কৰিছে । পাকিস্থানী লিখক মৌলানা অবুল আলা মৌদুদী আৰু ইজিপ্তৰ লিখক চৈয়দ কুটুমৰ সকলো বোৰ কিতাপ পাঠ্যক্ৰমৰ পৰা আঁতৰ কৰাৰ সম্ভাৱনা আছে ।
National Desk , Ne India News