ম্যানমাৰৰ আলফা স্বাধীন শিবিৰৰ পৰা পলায়ন কৰি অহা দুই সদস্য ক্ৰমে পেঙেৰীৰ ২ নং নলনীৰ সুৰজীত গগৈ ওৰফে খেপৌ অসম আৰু লক্ষীপথাৰৰ মামৰণিৰ শ্যামল বৰুৱা ওৰফে নিয়ৰ অসমক আটক ভাৰতীয় সেনাৰ।
ভাৰতীয় সেনাৰ ১৯ নং আছাম ৰেজিমেণ্টে ভাৰত ম্যানমাৰ সীমান্তৰ অৰুণাচল খুনচাত সোমবাৰে সন্ধিয়া আটক কৰে দুই আলফা সদস্যক ।
আলফা স্বাধীন শিবিৰৰ পৰা পলায়ন কৰি অহা দুই সদস্য ক্ৰমে পেঙেৰীৰ ২ নং নলনী গাঁওৰ সুৰজিত গগৈ ওৰফে খেপৌ অসম আৰু মাকুম মামৰণিৰ শ্যামল বৰুৱা ওৰফে নিয়ৰ অসমক গুলিয়াই হত্যা কৰাৰ নিৰ্দেশ দিছিল আলফা স্বাধীনৰ সদস্য ৰূপম গগৈক।
এই দুই আলফা সদস্যৰ পৰা আলফা শিবিৰৰ বহু বিষ্ফোৰক তথ্য লাভ কৰাৰ সম্ভাৱনা সেনা-আৰক্ষীৰl
পৰিয়ালৰ লোকে লৰাটোক কাষত পাবলৈ উৎকন্ঠাত আছে আৰু অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু লগতে অনতিপলমে সুশৰীৰে ঘৰলৈ উভটাই পঠাবলৈ অসম ৰাইফলছ তথা অসম আৰক্ষীক আহ্বান জনাইছে ৷
সেনা-আৰক্ষীৰ জিমাত মাৰাথান জেৰা বৰ্তমান আলফা সদস্য দ্বয়ক
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News