আলফা নেতা জীৱন মৰাণৰ মৃত্যু
আলফা স্বাধীনৰ অন্যতম শীৰ্ষ নেতা তথা বিত্ত সম্পাদক গুণত অসম ওৰফে জীৱন মৰাণ আৰু নাই । জীৱন মৰাণে দুইবছৰ পূৰ্বে স্বাস্থ্যজনিত কাৰণত সংগঠনৰ পৰা অব্যাহতি লৈছিল ৷ গুণত অসম ওৰফে জীৱন মৰাণে গুৱাহাটিৰ এপ’ল চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শনিবাৰে নিশা প্ৰায় ৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷

এপ’লৰ কভিদ কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছিল জীৱন মৰাণ ৷
আলফা স্বাধীনৰ
উপ মুখ্য সেনাধ্যক্ষ পদত থকা জীৱন মৰাণে
১৯৮৪ত আলফাত যোগদান কৰিছিল ।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News