আলফাৰ ম্যানমাৰৰ ছাংঙ্গহাই শিৱিৰৰ পৰা পলায়ন কৰা চাৰি আলফা সদস্যৰ দুজনক উদ্ধাৰ
আলফাৰ ম্যানমাৰৰ ছাংঙ্গহাই শিৱিৰৰ পৰা পলায়ন কৰা চাৰি আলফা সদস্যৰ ভিতৰত দুজনক উদ্ধাৰ কৰিছে আছাম ৰাইফলছে ৷
ভাৰত-ম্যানমাৰ সীমান্তত উদ্ধাৰ কৰিছে ৰিয়ান অসম আৰু সূৰুজ অসমক ৷
ৰিয়ান অসমৰ ঘৰ মাৰ্ঘেৰিটাৰ মাকুমপথাৰত আৰু সূৰুজৰ ঘৰ মাকুমৰ লাংকাচিত ৷
আন দুজন সদস্য ৰাঘৱ অসম আৰু শৰৎ অসমৰ সন্ধান এতিয়াও উলিয়াব পৰা নাই ভাৰতীয় সেনাই ৷
সম্প্ৰতি ঘন জংঘলত উদ্ধাৰ কৰা দুই আলফা সদস্যকলৈ অৰুণাচলৰ খুনচালৈ আহিছে আছাম ৰাইফলছৰ অভিয়ানকাৰী এটা দল ৷