আমাৰ শিক্ষা ব্যৱস্থাৰ নতুন সিদ্ধান্ত

16

আমাৰ শিক্ষা ব্যৱস্থাৰ নতুন সিদ্ধান্ত

 

অসমৰ ৰাজ্য চৰকাৰৰশিক্ষা ব্যৱস্থাত কিছুমান নতুন সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰা বুলি বাতৰি ওলাইছে। তাৰ ফলত আমাৰ পুৰণি শিক্ষা ব্যৱস্থাৰ বহুতো সাল সলনি হ’ব বুলি প্ৰকাশ ।
খুবেই ভাল কথা।
বহু বছৰ ধৰি শিক্ষা ব্যৱস্থাৰ পৰিবৰ্তনৰ কথাক লৈ বহুতো চৰ্চা হৈয়েই আছে। প্ৰায় সকলোৱে এক মুখে স্বীকাৰ কৰে যে আমাৰ শিক্ষা ব্যৱস্থাত বহু আসোঁৱাহ আছে। বিশেষকৈ আমাৰ শিক্ষা ব্যৱস্থা বৃত্তিমূখীহে। শিক্ষাক লৈ বিভিন্ন আয়োগে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে। তাৰে বহু পৰামৰ্শ ৰূপায়ন কৰা হৈছে। বহুতো এলাগী বুলি পেলাই থৈছে। সদ্যহতে শুনা মতে, প্ৰতিখন জিলাৰ ৫-ৰ পৰা ১০ খন নিৰ্বাচিত বিদ্যালয়ত ইংৰাজী মাধ্যমত শিক্ষা দান আৰম্ভ হ’ব। অনতি পলমে ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ইংৰাজী মাধ্যমত ছাত্র-ছাত্রীয়ে শিক্ষা গ্ৰহণ কৰিব লাগিব।
সেইটোও ভাল কথা। বৰ্তমান অভিভাৱক সকল যথেষ্ট সচেতন। এই সময়ত বেছিভাগ ল’ৰা- ছোৱালীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ইংৰাজী মাধ্যমত শিক্ষা লাভ কৰি আছে আৰু ভৱিষ্যতেও ই বৃদ্ধি হ’ব।
আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে – বিদ্যালয়ত সমাজ অধ্যয়ন বিষয়টো নাইকিয়া কৰি ভূগোল আৰু বুৰঞ্জী বিষয় দুটা বাধ্যতামূলক অধ্যয়নৰ বাবে গ্ৰহণ কৰা হ’ব। এয়া যোগাত্মক দিশ।
কিন্তু এটা কথাই মনত খোকোজা নলগোৱাকৈ থকা নাই। সেয়া হৈছে বিজ্ঞান আৰু গণিত বিষয় দুটা (তৃতীয় শ্রেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ) ইংৰাজী মাধ্যমত গ্ৰহণ কৰিব লাগিব বুলি লোৱা সিদ্ধান্ত। এই কিমান ফলপ্ৰসূ হ’ব – সেয়া সময়েহে ক’ব।
বহু চিন্তাশীল ব্যক্তিয়ে কৈ গৈছে – শিক্ষাৰ মাধ্যম হ’ব লাগে মাতৃভাষা। শিক্ষা বিভাগে যি বুৰঞ্জীৰ পাঠ গ্ৰহণৰ কথা উল্লেখ কৰিছে, সেই বুৰঞ্জীয়ে আমাক ক’ব কেনেকৈ অসমত শিক্ষাৰ মাধ্যম অসমীয়া কৰা হৈছিল আৰু তাৰ বাবে অসমত কিমান ৰক্তপাত হৈছিল। তাৰ প্ৰভাৱে আজিও আমাৰ ভাষাটোক আস্ত ব্যস্ত কৰি ৰাখিছে। সেই কথা সকলোৱে দেখি আহিছে ।
আমাৰ এক বুজন সংখ্যক ল’ৰা-ছোৱালীয়ে ইংৰাজী, বিজ্ঞান আৰু গণিত বিষয়ত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব নোৱাৰে। বেছিভাগেই গণিত আৰু বিজ্ঞান বিষয় দুটাক ভয় কৰে। তাতে যদি আকৌ এই বিষয় দুটা ইংৰাজীতে পঢ়িব বা শিকিব লগীয়া হয়, তেন্তে তাৰ ফলত যে শিক্ষা আহৰণত বিজুতি নঘটিব – তাত সন্দেহৰ অৱকাশ থাকে ।
এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে চৰকাৰে কিছুমান দিশৰ পৰ্য্যালোচনা কৰি লোৱা ভাল।
প্ৰথমে বিদ্যালয় সমূহৰ ল’ৰা-ছোৱালীয়ে ইংৰাজী, বিজ্ঞান আৰু গণিতত দেখুওৱা পাৰদৰ্শিতাৰ পৰিসংখ্যা লোৱা হওক। তাৰ পিছত এই বিষয় সমূহত ছাত্ৰ-ছাত্ৰীৰ দখল সহজ সাধ্য বা অনুকুল কৰাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা হওক। সেই পৰামৰ্শ অনুসৰি সিদ্ধান্ত ল’লে সকলোৰে বাবে শুভ হ’ব।
আজি যিসকল ছাত্ৰ-ছাত্ৰী ইংৰাজী মাধ্যমত পঢ়ি সফল হৈছে, তেওঁলোকৰো পাৰদৰ্শিতাৰ ওপৰত কিছু গৱেষণা হোৱা দৰকাৰ। তাৰ পৰা আমি বুজি পাম – কি কৰিলে উন্নত ফলাফল পোৱা যাব।
ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ন বাধ্যতামূলক কৰাৰ বাবে যি ব্যৱস্থা লৈছে, সেয়া আদৰণীয়। তাৰ পৰা শিক্ষা ব্যৱস্থাটো সৱল হ’ব।
চৰকাৰৰ আন এটা ভাল খবৰে কিন্তু কিছু লোকক চিন্তাত পেলাইছে। ভাৰতৰ কিছুমান প্ৰদেশৰ বিদ্যালয়ত পুৱাৰ আহাৰ দিয়াৰ ব্যৱস্থা আছে বুলি জনা যায়। তাকে অনুকৰণ কৰি অসমৰ স্কুলতো পুৱাৰ আহাৰ দিয়াৰ চিন্তা-চৰ্চাই সকলোকে সন্তুষ্ট কৰিব পৰা নাই। বৰ্তমান Midday meal – য়ে কিছুমান শিক্ষকক সন্তুষ্টি দিছে যদিয়ো বহু শিক্ষকক জ্বলা-কলা কৰিছে। মাজে মাজে বিভিন্ন বিশৃংখলতাৰো সৃষ্টি হৈছে। কিতাপ এৰি শিক্ষকে হেতা আৰু পাচবুক লৈ দৌৰিব লগীয়া হৈছে। দেশখনৰ বহু আঁচনিয়ে অসমীয়া মানুহৰ ইতিমধ্যেই কৰ্ম্মৰ প্ৰতি স্পৃহা হ্ৰাস কৰিছে। বিনামূলীয়া বিতৰণ ব্যৱস্থা আৰু হিতাধিকাৰীৰ সৃষ্টিয়ে কাম কৰিব নোখোজা মানুহৰ সংখ্যা বৃদ্ধি কৰা সকলোৱে দেখিছে। এসময়ৰ মাইক্ৰ’ফাইনেন্সৰ কথা আমিও পাহৰিলোঁ, চৰকাৰেও পাহৰিলে।
ল’ৰা-ছোৱালী স্কুললৈ যোৱাৰ সময়ত সন্তানক ভাত খুওৱা, টিফিন যোগাৰ কৰি দিয়া আদিত অভিভাৱকে যথেষ্ট দৌৰা দৌৰি কৰিব লগীয়া হয়। এক প্ৰকাৰ সেই সময় খিনি আমাৰ বাবে কষ্ট পূৰ্ণ। কিন্তু সেই চিন্তা চৰকাৰে গ্ৰহণ কৰি এক প্ৰকাৰ মাক-দেউতাকক অফুৰন্ত সময় দান কৰিব। তাৰ ফলত চাকৰিয়াল অভিভাৱকৰ যথেষ্ট সময় ৰাহি হ’ব। কিন্তু তাৰ বিপৰীতে একাংশ অভিভাৱকৰ সন্তানৰ প্ৰতি দায়িত্ববোধ কমি যোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি । এয়া অৱশ্যে মনোবৈজ্ঞানিক দৃষ্টিভংগী। কথাটো – সন্তানৰ দায়িত্ব আয়াৰ ওপৰত দি নিশ্চিন্ত হোৱাৰ লেখিয়াই হ’ব গৈ নেকি? গতিকে সদ্যহতে এনেকুৱা কাঁহী-বাটি-হেঁতাৰ খেল কম কৰাই হয়তো ভাল ।
তাৰ পৰিৱৰ্তে চৰকাৰে আন এটা কাম কৰিব পাৰেঃ
অসমত বৰ্তমান যিবোৰ প্ৰাইভেট (ইংৰাজী- অসমীয়া ) স্কুল আছে তাৰ এটা পৰিসংখ্যা প্ৰস্তুত কৰক। তাত নিযুত শিক্ষকসকলৰ সংখ্যাটোও পোৱা যাব। সকলোৱে জানে – প্ৰাইভেট স্কুলৰ শিক্ষকৰ দৰমহা কিমান। যদি চৰকাৰৰ কৰিব খোজে, তেন্তে এই শিক্ষকবোৰক স্কুলে যিমান টকা দৰমহা দিয়ে, তাৰ সম পৰিমাণৰ টকা চৰকাৰৰ ফালৰ পৰা দিয়াৰ ব্যৱস্থা কৰক। তাৰ পৰা দুটা ভাল কাম হ’ব
প্ৰথম – প্ৰাইভেট স্কুলৰ শিক্ষকৰ ছাত্ৰৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি পাব আৰু মালিকৰ শোষণৰ পৰা কিছু পৰিমাণে মুক্ত হ’ব।
দ্বিতীয়- এই ব্যৱস্থাৰ মাধ্যমত নিবনুৱা সমস্যা নিয়ন্ত্ৰণৰ ওপৰত যোগাত্মক প্ৰভাৱ পৰিব। অন্ততঃ বহু শিক্ষিত যুৱক-যুৱতীয়ে চাকৰিৰ বাবে দৌৰা বন্ধ কৰিব। ছাত্ৰ-ছাত্ৰীক দিয়া স্কুটিয়ে ছাত্ৰ-ছাত্ৰীৰ যিমান অপকাৰ কৰিব, তাতকৈ প্ৰাইভেট স্কুলৰ শিক্ষকক আধা দৰমহা যদি চৰকাৰৰ ফালৰ পৰা দিয়ে তেন্তে নিবনুৱা সমস্যাৰ স্বৰূপেই সলনি হৈ যাব বুলি আমাৰ বিশ্বাস।
আমি কোনো শিক্ষাবিদ বা ৰাজনৈতিক বিশ্লেষক নহয়। সাধাৰণ নাগৰিকৰ মনলৈ অহা কথাহে কৈছোঁ। চৰকাৰে ভাবি চাবও পাৰে, নিজৰ সিদ্ধান্তত অটল থাকিবও পাৰে। সেয়া চৰকাৰৰ কথা।

ড০ আৰ কে বেজবৰুৱা , তেজপুৰ, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here