শুক্রবাৰে অত্যাধুনিক সা-সুবিধাৰে সজ্জিত দুখনকৈ তীখাৰে নিৰ্মিত তথা ১০০গৰাকী যাত্ৰী আৰু ৫০খন মটৰচাইকেল কঢ়িয়াব পৰা কেটামাৰান জাহাজ শুভাৰম্ভ কৰি জনসাধাৰণৰ সেৱাত উৎসৰ্গিত কৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই। দিব্যাংগজন, জ্যেষ্ঠ নাগৰিক, মহিলা আৰু শিশুসকলৰ বাবে বিশেষ সুবিধা থকা দুয়োখন জাহাজে ব্ৰহ্মপুত্ৰৰ নদী পৰ্যটন ক্ষেত্ৰক এক অনন্য মাত্ৰা প্ৰদান কৰে। লগতে শুক্রবাৰে অভ্যন্তৰীণ জল পৰিবহণ ঘাটত ২৮৯ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া গুৱাহাটী গে’টৱে ফেৰী টাৰ্মিনেল প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্রী গৰাকীয়ে। এই প্ৰকল্পত সকলো শ্ৰেণীৰ নাগৰিকৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ সা-সুবিধা উপলব্ধ হ’ব।
অসমৰ জনসাধাৰণৰ সুবিধাৰ্থে সুচল পৰিবহণ সেৱাৰ পোষকতা কৰি পৰিবহণ বিভাগৰ আন ১২টা আধাৰ-ভিত্তিক অনলাইন সেৱা ৰাইজৰ বাবে শুক্রবাৰে উৎসৰ্গা কৰিলে মুখ্যমন্ত্রী গৰাকীয়ে। এই সেৱাক সাঙুৰি ৰাজ্য খনে এতিয়া পৰিবহণ খণ্ডত দিল্লীৰ তুলনাত ৫টাকৈ অধিক অনলাইন সেৱা প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য মুখ্যমন্ত্রীৰ৷ লগতে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা কামৰ বোজা কম থকা কাৰ্যালয়ৰ সৈতে স্বয়ংক্ৰিয়ভাৱে কাম ভাগ-বাটোৱাৰা কৰিবলৈ মুকলি কৰা হয় CM-TRANS শীৰ্ষক এক নতুন পদ্ধতি৷
এই অনুষ্ঠানত গাড়ী চালনাৰ দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত প্ৰতিটো বিধানসভা সমষ্টিৰ ৫০জন হিতাধিকাৰীক চালকৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰা হয়। এই পদক্ষেপে ৰাজ্যৰ যুৱক-যুৱতীসকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰাৰ উপৰি পৰ্যটন খণ্ডৰ বাবে এক উৎসাহজনক বাৰ্তা কঢ়িয়াইছে বুলি মন্তব্য ডঃ হিমন্ত বিশ্ব শর্মাৰ৷
এই অনুষ্ঠানত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাৰ সৈতে মন্ত্ৰী শ্ৰীচন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী লোকসভাৰ সাংসদ শ্ৰীকুইন ওজা আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
News desk, Ne india news