আফগানিস্তানৰ পৰিবৰ্তিত পৰিস্থিতি আৰু ভাৰতৰ ঘনীভূত সংকট

0
104

 

আফগানিস্তানৰ পৰিবৰ্তিত পৰিস্থিতি আৰু ভাৰতৰ ঘনীভূত সংকট

আহমদ শ্বাহ দুৰানিয়ে ১৭৪৭ চনত আধুনিক আফগানিস্তান ৰাজ্য স্থাপন কৰে। তাৰ লিখিত ইতিহাস ৫০০ চনৰ হাখমনি সাম্রাজ্য পর্যন্ত পোৱা যায়। প্রত্নতাত্ত্বিক খনন কাৰ্য্যত উদ্ধাৰ হোৱা সমল অনুসৰি বৰ্তমানৰ উত্তৰ আফগানিস্তানত প্রায় ৫০,০০০ বছৰৰ আগতে মানুহৰ বসতি স্থাপনৰ ইংগিত পোৱা গৈছে । ধাৰণা কৰা মতে, আফগানিস্তানত মন খামেৰ সভ্যতাৰ অধীনত বিশ্বৰ প্রাচীন কৃষি ব্যৱস্থাৰ পাতনি মেলা হৈছিল। ২০০০ খ্রীষ্টপূৰ্বৰ পিছত মধ্য এছিয়াৰ পৰা এই স্থানলৈ মানুহৰ প্ৰব্ৰজন আৰম্ভ হৈছিল। এওঁলোকৰ অধিকাংশই আছিল আর্য। তেতিয়া এই স্থানৰ নাম আছিল আৰিয়াণা ।

খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাৰ মাজ ভাগত পাৰস্য সাম্রাজ্যও আৰিয়াণত সংলগ্ন হয়। ৩৩০ খ্রীষ্টপূৰ্বৰ পাৰস্য আৰু আৰিয়াণা আলেকজেণ্ডাৰে দখল কৰাৰ কথা পোৱা যায়। ৩২৩ পূর্বত আলেকজেণ্ডাৰৰ মৃত্যুৰ পিছত চেলুচিদ, বেক্ট্ৰিয়া আৰু ভাৰতৰ মৌর্য সাম্রাজ্যই তাত অধিকাৰ সাব্যস্ত কৰিবলৈ পৰস্পৰৰ মাজত চেষ্টা অব্যাহত ৰাখে।

খ্রীষ্টীয় প্ৰথম শতিকাত আৰিয়াণাত কুশাণ বংশৰ প্ৰতিপত্তি স্থাপিত হয়। তৃতীয় শতিকাৰ পৰা অষ্টম শতিকা পৰ্যন্ত আৰিয়াণাত কুশাণ বংশৰ শাসন কালত
বৌদ্ধধর্মই পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰিছিল। কিছুবছৰ আগতে এই বৌদ্ধমন্দিৰ আৰু বৃহৎ বৃহৎ বুদ্ধ মূৰ্তিবোৰ ধংস কৰা হৈছিল।

হুনসকলে চতুৰ্থ শতিকাত কুশাণ বংশৰ পতন ঘটায়।
খ্ৰীষ্টীয় সপ্তম শতাব্দীত আৰৱ সকলে আফগানিস্তানত ইছলাম সাম্ৰাজ্য আৰু তেওঁলোকৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। কিছুবছৰ পিছত আৰৱ সৈন্য তাৰ পৰা আঁতৰি যায় আৰু তাৰ জনগণে তেওঁলোকৰ পূৰণি ধর্মলৈ উভতি আহে। দশম শতিকাত বর্তমান উজবেকিস্থানৰ বুখাৰাৰ চামানিদ নামৰ মুছলমান শাসকে আফগান আৰু তাৰ পাৰ্শ্বৱৰ্তী এলেকাত প্রভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে। এই চামানিদ সকলেই গজনৱী ৰাজবংশ প্রতিষ্ঠা কৰিছিল । ৯৯৮ ৰ পৰা ১০৩০ খ্রীষ্টাব্দ পর্যন্ত সমগ্র আফগানিস্তানত ইছলামৰ প্ৰভূত্ব সুপ্রতিষ্ঠিত হৈ আছিল। ১২২০ খ্ৰীষ্টাব্দত মঙ্গোল সেনাপতি চেঙ্গিজ খাঁই আফগানিস্তানত তাণ্ডৱ চলায়।
চেংগিজ খাঁ আৰু তৈমুৰ লঙৰ বংশোদ্ভৱ জেহিৰুদ্দিন মহম্মদ বাবৰে ১৫০৪ খ্ৰীষ্টাব্দত কাবুল দখল কৰে আৰু ভাৰত আক্ৰমণ কৰি ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে।
এয়া আছিল আফগানিস্তানৰ ইতিহাস।
আফগানিস্তান কোনো সমৃদ্ধিশালী দেশ নহয়। নাই তাত স্বাচ্ছন্দ্য জীৱনৰ কোনো উৎস। ক’বলৈ গ’লে তাৰ জীৱন অধিক সংঘৰ্ষময়। তথাপিয়ো আফগানিস্তানক লৈ সকলো দেশৰে উৎসাহ আৰু নিয়ন্ত্ৰণৰ বাবে হাবিয়াস। আমেৰিকা, ৰাছিয়া আৰু চীনৰ চকু সকলো সময়তে আফগানিস্তানৰ ওপৰত। তাৰ কাৰণ হৈছে – দেশখনৰ ভৌগোলিক অৱস্থিতি। আন কথাত, ই হৈছে এছিয়াৰ বক্ষস্থল। পূৱ আৰু পশ্চিম এছিয়াৰ মাজত সংযোগ স্থাপন কৰাৰ বাবে ই এক প্ৰশস্ত পথ হোৱাৰ সম্ভাৱনা ৰাখে । এই স্থান যাৰেই অধিকাৰত থাকিব, সিয়েই এছিয়াৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰাৰ সুবিধা লাভ কৰিব।

পৰৱৰ্তী সময়ত বিশ্বৰ মহাশক্তি ছোভিয়েট ইউনিয়নে ১৯৭৮ চনৰ “ছোভিয়েট-আফগান মৈত্ৰী চুক্তি”ৰ গইনা লৈ ১৯৭৯ চনৰ ডিচেম্বৰত আফগানিস্তানৰ ওপৰত আক্ৰমণ চলাই নিজৰ প্ৰভূত্ব স্থাপন কৰিছিল। আনহাতে, একেই ১৯৭৯ চনত আফগানিস্তানত “তালিবান” নামৰ এটা সংগঠনৰ আবিৰ্ভাৱ হৈছিল। এই নাম খুব সোনকালেই বিশ্বৰ ওচৰত পৰিচিত হৈ পৰে। “তালেব”- শব্দৰ পৰাই তালিবানৰ উৎপত্তি। তালেবৰ অৰ্থ হৈছে ছাত্ৰ। এই ছাত্ৰ সংগঠনৰ উদ্দেশ্য আছিল ছোভিয়েট ৰাছিয়াক নিজ ভূমিৰ পৰা উৎখাত কৰা আৰু তাত ইছলামিক আইন প্ৰতিষ্ঠা কৰা। সেই সময়ত ১৯৭৯ চনৰ ডিচেম্বৰ মাহত আফগানিস্তানৰ কমিউনিষ্ট চৰকাৰক ৰক্ষা কৰাৰ বাবে ছোভিয়েট সেনাবাহিনী তাত উপস্থিত হৈছিল।
সেয়া শীতল যুদ্ধৰ সময়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰ’নাল্ড ৰেগানে ১৯৮৩ চনত তালিবান সংগঠনৰ নেতাক হোৱাইট হাউছলৈ নিমন্ত্ৰণ কৰি সকলো প্ৰকাৰৰ সহযোগ আগবঢ়োৱাৰ নিশ্চিতি প্ৰদান কৰিছিল । ইতিমধ্যে বিভিন্ন যুদ্ধ সামগ্ৰী দি আমেৰিকাই তালিবান সংগঠনক শক্তিশালী কৰি গৈ থাকিল। তাৰ লগে লগে আফগানিস্তানত আল-কায়দাকে ধৰি বিভিন্ন জেহাদী সন্ত্ৰাসবাদী সংগঠনৰ জন্ম হৈ থাকিল।
যদিয়ো ছোভিয়েট সৈন্য আফগানিস্তানত ছয় মাহ থকাৰ কথা আছিল, তালিবান, আল-কায়দাকে আৰু অন্যান্য জেহাদী সংগঠনৰ যুদ্ধমূখী তৎপৰতাৰ বাবে বছৰ বছৰ ধৰি তাত সৈন্য সমাবেশ বৃদ্ধি কৰি গৈ থাকিল। এনেদৰে ৰাছিয়াৰ সৈন্যবাহিনীয়ে আফগানিস্তানত সুদীৰ্ঘ দহ বছৰ অতিবাহিত কৰিছিল।
ইপিনে যুদ্ধবিগ্রহ আৰু অশান্ত জৰ্জৰিত ক্লান্ত জনগণে শান্তিৰ আশাত তালেবানকে মানি ল’বলৈ বাধ্য হৈছিল। সেই সময়ত মস্কো আৰু আমেৰিকা উভয়েই আফগানিস্তানত শীতল যুদ্ধৰ বিপৰীতে প্রক্সি যুদ্ধ চলাই থাকিল। দুয়োপক্ষৰ অস্ত্ৰ-শস্ত্ৰ মৌ মাখিৰ দৰে আফগানিস্তানলৈ আহিবলৈ ধৰিলে। প্ৰকাশ্যে বা অপ্ৰকাশ্যে পাকিস্তানেও তালিবানলৈ সমৰ্থন আৰু বিভিন্ন সুবিধা প্ৰদান কৰিবলৈ আগবাঢ়ি আহিল।
১৯৮৫ চনত মিখাইল গৰবাচেভ ৰাছিয়াৰ প্ৰেচিডেণ্ট নিৰ্বাচিত হয়। সেই সময়ত অৰ্থনৈতিক সংকটে ৰাছিয়াক বিপৰ্যস্ত কৰি তুলিছিল। তেওঁৰ পেৰ’ষ্ট্ৰাইকা সূত্ৰই ছোভিয়েট ইউনিয়নক শিঠিলতা প্ৰদান কৰিছিল। যুদ্ধ চলোৱা অৱস্থা যে ৰাছিয়াৰ নাই সেয়া বোধগম্য হোৱাত তেওঁৰ অসুবিধা হোৱা নাছিল। সেয়ে তেওঁ আফগানিস্তানৰ পৰা সৈন্য বাহিনী অপসাৰণ কৰিলে।সেই সুযোগতে অৱশেষত ১৯৯৬ চনত প্রেচিডেন্ট বুৰহানুদ্দিন ৰব্বানিৰ চৰকাৰক উৎখাত কৰি তালিবানীয়ে ৰাজধানী কাবুল দখল কৰে।
তাৰ পিছত কাহিনীয়ে অন্য দিশে গতি কৰে। শীতল যুদ্ধৰ সামৰণিয়ে আফগানিস্তানত যুদ্ধ গুৰুত্ব হ্ৰাস কৰিছিল যদিও তালিবানৰ শক্তি আৰু বৃদ্ধি পাইছিল। আমেৰিকাৰ ওপৰত আল-কায়দা চীফ ওচামা বিন লাডেনৰ প্ৰতিশোধৰ অগনিয়ে সংঘটিত কৰিছিল ২০০১ চনৰ ৯/১১ ছেপ্তেম্বৰত নিউয়ৰ্ক চহৰত ভয়াবহ আক্ৰমণ। এইবাৰ চকু খোল খালে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ। প্ৰৱল শক্তিৰে যুক্তৰাষ্ট্ৰই নিজেই গঢ় দিয়া তালিবান আৰু আল কায়দাৰ ওপৰত আক্ৰমণৰ প্ৰস্তুতি চলালে । তাৰ পৰিপ্ৰেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেণ্ট জৰ্জ ডব্লিউ বুশ্বে ২০০১ চনৰ ৭ অক্টোবৰত তালিবান আৰু আল কায়দাৰ সন্ত্ৰাসবাদী কাৰ্য্য কলাপ ধংস কৰিবলৈ আফগান-তালিবানৰ ওপৰত সামৰিক অভিযান আৰম্ভ কৰে। ডিচেম্বৰৰ ১৭ তাৰিখত তালিবানক উৎখাত কৰি হামিদ কৰজাইক “লয়া জিৰগা” (Loya Jirga) ৰ সভাপতি নিযুক্ত কৰে।তাৰ পিছত আফগানিস্তানৰ সংবিধান আদি ৰচনা কৰা হয়। ২০০৪ চনত সংবিধান সাপেক্ষে নিৰ্বাচনৰ দ্বাৰা হামিদ কৰজাই পুনৰ আফগানিস্তানৰ প্ৰেচিডেণ্ট নিৰ্বাচিত হয়। তেওঁ দুটা কাৰ্য্যকাল সমাপ্ত কৰাৰ পাছত আশ্ৰফ ঘানিয়ে ২০১৪ চনৰ পৰা নতুন ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

ইমান দিনে আমেৰিকাৰ সৈন্যবলে আফগানিস্তানত বিভিন্ন ধৰণৰ সংস্থাপনমূলক আৰু উগ্ৰপন্থী নিয়ন্ত্ৰণ কৰাত নিয়োজিত হৈ আছিল। আল-কায়দা চীফ ওচামা বিন লাডেন আফগানিস্তানৰ পৰা পলাই গৈ পাকিস্তানত আশ্ৰয় লৈছিল। আমেৰিকাৰ গুপ্তচৰে খবৰ লৈ নিশ্চিত হোৱাৰ পিছত গোপন অভিযান চলাই লাডেনক হত্যা কৰে। তাৰ পিছৰ পৰা আমেৰিকাই আফগানিস্তানৰ প্ৰতি মনোযোগ কমাই আনে। তাৰে সুবিধা লৈ তালিবানী সন্ত্ৰাসবাদীয়েও পুনৰ শক্তি আহৰণৰ কৰি বিভিন্ন কাৰ্য্য কলাপত লিপ্ত হয়।
যোৱা বিশ বছৰত আফগানিস্তানৰ মাটিত প্ৰায় ২৫০০ আমেৰিকান সৈনিকৰ মৃত্যু হৈছিল । নিজৰ স্বাৰ্থ সিদ্ধি হোৱাৰ পিছত আমেৰিকাই আফগানিস্তানত হাত ধোৱাৰ যো-জা কৰিছিল। কিছুদিনৰ আগতে আমেৰিকাই দোহাত তালিবানীৰ লগত শান্তি চুক্তিত হস্তাক্ষৰ কৰে। চুক্তি অনুসৰি তালিবানী বা আল কায়দাই আমেৰিকাৰ অধীনৰ এলেকাত কোনো কুটাঘাট মূলক কাম নকৰে আৰু যুক্তৰাষ্ট্ৰয়ো তালিবানৰ সৈতে যুদ্ধ এৰাই চলিব।
ইয়াৰ পিছতেই তালিবানীয়ে আফগানিস্তানত পুনৰ যুদ্ধ আৰম্ভ কৰি দিছে। ইতিমধ্যে প্ৰায় ৩৬০০০ সাধাৰণ মানুহৰ মৃত্যু হৈছে। যুক্তৰাষ্ট্ৰয়ো সৈন্য অপসাৰণৰ কাম খৰতকীয়াকৈ হাতত লৈছে । বাতৰিত প্ৰকাশ পাইছে যে – তালিবানীয়ে আফগানিস্তানৰ ৩৯৮ খন জিলাৰ ১৯৩ খন নিজৰ দখললৈ নিছে। ১৩০ খনত যুদ্ধ চলি আছে। ৭৫ খন জিলা ৰাষ্ট্ৰৰ হাতত আছে। সকলোতে আধিপত্য বিস্তাৰ কৰিবলৈ হয়তো বেছি সময় নালাগিব। আফগানিস্তানৰ প্ৰায় ১০০০ সৈন্য পলাই গৈ কাজাখাস্তানত আশ্ৰয় লৈছে বুলিও বাতৰিত প্ৰকাশ । অহা ১১ ছেপ্তেম্বৰত আমেৰিকাৰ সম্পূৰ্ণ সৈন্যবাহিনী আফগানিস্তানৰ পৰা অপসাৰণ কৰিব বুলি ঘোষণা কৰিছে। গতিকে আকৌ আগৰ দৰেই আফগানিস্তানত তালিবানৰ দপদপনি শুনা যাব।
এই পৰিবৰ্তনে কিন্তু ভাৰতলৈ সংকট ঘনীভূত কৰিছে। প্ৰথমতে, পাকিস্তানৰ সীমান্তত উগ্ৰপন্থীৰ কুটাঘাট স্বাভাৱিক ভাৱেই বৃদ্ধি পাব। কাশ্মীৰ প্ৰসংগ লৈ আকৌ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব। তেতিয়া চীনেও বহি নাথাকি পাকিস্তান আৰু তালিবানৰ লগত হাত উজান দিয়াৰ আশংকাই অধিক।
দ্বিতীয়তে, ভাৰতে আফগানিস্তানত খটোৱা ২২০০ কোটি টকা ডুব যোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে। তালিবান অধিকৃত আফগানিস্তানৰ লগত ভাৰতৰ কুটনৈতিক সম্পৰ্কই কি ৰূপ লয় তাৰ ওপৰত পৰৱৰ্তী সমস্যাসমূহ লক্ষণীয় হ’ব। শুনামতে আফগানিস্তানত শান্তি প্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰপতি পুটিনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰ মানে সেয়া নহয় যে তালিবানে অধিকাৰ কৰা ঠাইবোৰ আফগানিস্তান চৰকাৰৰ হাতত এৰি দিব। কিন্তু আফগানিস্তানত শান্তি সকলোৱে কামনা কৰিছে।

আৰ কে বেজবৰুৱা
ৰঙাপাৰা, শোণিতপুৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here