Thursday, March 30, 2023
HomeAssameseআন্ত:ৰাষ্ট্ৰীয় ঊশ্বু চেম্পিয়নশ্বিপ - ২০২২ ত সোণৰ পদক পাই উজলি উঠা বকোৰ...

আন্ত:ৰাষ্ট্ৰীয় ঊশ্বু চেম্পিয়নশ্বিপ – ২০২২ ত সোণৰ পদক পাই উজলি উঠা বকোৰ জীনা হুছেইনক সম্বোৰ্ধনা

খেলুৱৈ সুলভ প্ৰতিভাক উজ্জীৱিত কৰি শৰীৰ চৰ্চাৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা একাংশ ঊশ্বু কংফু খেলুৱৈয়ে উজাৰি আনিছে বকোলৈ সুনাম। চুবুৰীয়া ৰাজ্য নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হৈছিল আন্ত: ৰাষ্ট্ৰীয় ঊশ্বু চেম্পিয়নশ্বিপ – ২০২২ ৰ খেল খন। এই ঊশ্বু চেম্পিয়নশ্বিপত বকোৰ জীনা হুচেইনে উজাৰি আনিছে সোণৰ খিতাপ। উল্লেখ্য যে ; চাউথ এচিয়ান ফেডাৰেশ্যন অফ অল ষ্পোৰ্টছ সংস্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা উশ্বু খেলত বকোৰ জীনাই ৰাজ্যিক দলৰ হৈ খেলি সোণৰ পদক লাভ কৰে। জীনাৰ এই সাফল্যত উৎসাহিত হৈছে জাতীয় সংগঠন গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ। আজি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বকো আঞ্চলিক সমিতিৰ উদ্যোগত জীনাক আদৰণি জনাবলৈ আয়োজন কৰা হয় সম্বোৰ্ধনা সভা। সংগঠনটোৰ সভাপতি চফিত আলীৰ পৌৰহিত্যত অনুষ্ঠিত সম্বোৰ্ধনা সভাৰ আত ধৰে সম্পাদক আনোৱাৰ হুচেইনে। অনুস্থানত উপস্থিত থাকে জাতীয় সংগঠনটোৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি ৰৌচান আলী ; সম্পাদক ছৈয়দ আল্টাব হুচেইন ; মুকিল আলী ; সাংগঠনিক সম্পাদক টহিদুৰ ৰহমানকে ধৰি জাতীয় সংগঠনৰ বহু কেইজন কৰ্মী।

মহিদুল ইছলাম, বকো, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments