আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পৰা অৱসৰ গ্রহণ পাকিস্তানৰ ওমৰ গুলৰ 

0
70

আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পৰা অৱসৰ গ্রহণ পাকিস্তানৰ ওমৰ গুলৰ 

পাকিস্তানৰ বেগী বলাৰ ওমৰ গুলে ললে অৱসৰ৷ পাকিস্তানৰ হৈ ২০১৬ত অন্তিমবাৰৰ বাবে এদিনীয়া আন্তঃৰাষ্ট্রীয় মেচ খেলা ৩৬ বছৰীয়া ক্রিকেটাৰগৰাকীয়ে অৱসৰৰ কথা ঘোষণা কৰে৷
২০০৩ চনত এদিনীয়া আৰু টেষ্ট অভিষেক ঘটাইছিল ক্রিকেটাৰগৰাকীয়ে৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে তেওঁ ২০১৩ চনত পাকিস্তানৰ হৈ অন্তিমখন টেষ্ট মেচ খেলিছিল৷ ৪৭খন টেষ্টত গুলে ১৬৩টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷ একেদৰে ১৩০খন এদিনীয়াত বেগী বলাৰগৰাকীয়ে ১৭৯টা উইকেট দখল কৰিছিল৷
Sports Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here