আধ্যাত্মিক যুৱ সন্মিলন প্ৰতিষ্ঠা দিৱস নিজৰ ঘৰৰ পৰা উৎযাপন কৰাৰ আহ্বান

0
278

 

আধ্যাত্মিক যুৱ সন্মিলন প্ৰতিষ্ঠা দিৱস নিজৰ ঘৰৰ পৰা উৎযাপন কৰাৰ আহ্বান

অহা ইংৰাজী৩০এপ্ৰিল২০২০ তাৰিখে আধ্যাত্মিক যুৱ সন্মিলন(আয়ুস) নামৰ অনুষ্ঠানটিৰ ১১তম বছৰত ভৰি দিৱ। সম্প্ৰতি বিশ্বযুদ্ধ সদৃশ ক’ৰোণা ভাইৰাছৰ আতংকৰ কাৰণে ভাৰত চৰকাৰৰ আহ্বান জনোৱা তলাবন্ধক সম্পূৰ্ণ সহাঁৰি জনাই অনুষ্ঠানটিৰ সকলো কৰ্মকৰ্তাই নিজৰ গৃহৰ পদূলিত এগচি বন্তি জ্বলাই ১১তম আয়ুসৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি শ্ৰীৰাম শাখা সমিতিৰ সাংগঠনিক সম্পাদক ভাস্কৰ জ্যোতি কুটুমে অৱগত কৰে। লগতে শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ তথা আয়ুস কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীশ্ৰী ননীগোপাল দেৱ গোস্বামীদেৱে সকলোলৈকে আয়ুসৰ প্ৰতিষ্ঠা দিৱসৰ দিনা নিজৰ ঘৰৰ পদূলিত এগচি বন্তি জ্বলাই সমগ্ৰ বিশ্বৰ মংগল কামনাৰে প্ৰাৰ্থনা জনাই ক’ৰোণা প্ৰতিহত কৰাত সকলোকে চৰকাৰৰ নিৰ্দেশক মানি চলি সুৰক্ষিত কৰি থাকিবলৈ আহ্বান জনাই।

দেৱজিত মাজুলী ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here