আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণৰ দায়িত্ব দেশৰ যুৱ প্ৰজন্মৰ হাতত: প্ৰধানমন্ত্ৰী মোদী
দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাৰ্চুৱেলী ভাষণ প্ৰদান কৰি তেওঁ কয় যে, দেশক নতুন উচ্চতালৈ লৈ যোৱা আৰু আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণৰ দায়িত্ব দেশৰ যুৱ প্ৰজন্মৰ হাতত। লগতে দেশৰ যুৱ প্ৰজন্মক ভৱিষ্যতে দেশৰ নেতৃত্ব দিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ৰাজনীতি দেশলৈ পৰিৱৰ্তন অনাৰ এক শক্তিশালী মাধ্যম।
আনহাতে পৰিয়ালতান্ত্ৰিক ৰাজনীতিক গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শত্ৰু আখ্যা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে, ৰাজনৈতিক বংশবাদক লোকতন্ত্ৰৰ সকলোতকৈ ডাঙৰ শত্ৰু আৰু পুলিয়ে পোখাই উভালি পেলোৱা উচিত ।এতিয়া কেৱল উপাধি এটাক লৈ নিৰ্বাচন খেলা আৰু নিৰ্বাচনত জয় লাভ কৰা আৰু সহজ হৈ নাথাকিব বুলিও মন্তব্য কৰে।
News Desk Ne India