আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পবিত্ৰ জন্মবাৰ্ষিকী
অসমীয়া সাহিত্য-সংস্কৃতিৰ উজ্জ্বল নক্ষত্ৰ, অসমীয়া চলচ্চিত্ৰকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক ওপজা দিনত শ্ৰদ্ধাৰে সুঁৱৰিছো। অসমীয়া ভাষা সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা,শিশুসাহিত্য, আদি সকলো দিশতে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে আমাক অৱদান আগবঢ়াইথৈ গৈছে।
অসমৰ এগৰাকী প্ৰসিদ্ধ নাট্যকাৰ, গীতিকাৰ,কবি,লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা লগতে শিশু সাহিত্যিক জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক “ৰূপকোঁৱৰ” বুলি অভিহিত কৰা হয়।
জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা।অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলা দিশতে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে বৰঙণি আগবঢ়াই থৈ গৈছে। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰিছিল । জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মৃত্যু তিথি ১৭ জানুৱাৰীক “শিল্পী দিৱস” ৰূপে পালন কৰা হয়।
জ্যোতিপ্ৰসাদ আগৰৱালা দেবে ১৯০৩ চনৰ ১৭ জুনত উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জন্ম গ্ৰহণ কৰিছিল। তেখেতৰ পিতৃ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাকৰ নাম আছিল কিৰণময়ী আগৰৱালা।
জাতীয় বিদ্যালয়ৰপৰা তেওঁ ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কলিকতাৰ নেচনেল কলেজৰ পৰা আই.এ. দ্বিতীয় বৰ্ষৰ পঢ়া সমাপ্ত কৰিছিল । ১৯২৬ চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ গৈছিল কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহিছিল । ঘূৰি অহাৰ পথত জাৰ্মানীত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল।
জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ঘৰলৈ উভতি আহি ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটিছিল। শিলচৰ জেইলত টাইফইড ৰোগত ভোগা সত্ত্বেও আগৰোৱালা দেৱে কাৰাবাস সম্পূৰ্ণ কৰিছিল। ১৯৩৩ চনৰ শেষৰফালে আগৰৱালা দেৱে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰিছিল। জয়মতীৰ পৰা হোৱা ব্যৱসায়িক লোকচানৰ জোৰা মাৰিবলৈ গৰৱালা দেৱে ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰিছিল। ১৯৪১ চনৰ পৰা জ্যোতিপ্ৰসাদ পুনৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত আগৰৱালা দেৱে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ।
News Desk, Ne India News