আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ
দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰিবৰ বাবে আজি অনুষ্ঠিত হৈ ৰাষ্ট্ৰপতি নিৰ্বাচন । NDA ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ষেপিত প্ৰাৰ্থী দ্ৰোপদী মুৰ্মুৰ বিপক্ষে নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী য়ছবন্ত সিং । ২১ জুলাইৰ ভোটগণনা পিচত জানিব পৰা দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি কোন হব ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে সংসদ ভৱনৰ ভোটকেন্দ্ৰত ভোটদান কৰে । প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহনে হুইল চেয়াৰত বহি সংসদ ভৱনত উপস্থিত হৈ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান কৰে ।
পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণ আবেলি ৫ বজালৈ অব্যাহত থাকিব । সংসদ ভৱনৰ প্ৰথম তলাৰ ৬৩ নম্বৰ কোঠাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । সদস্য সকলে বেলট পেপাৰেৰে ভোটদান কৰিছে ।
২১ জুলাই ফলাফল ঘোষিত হব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ । বিজয়ী ৰাষ্ট্ৰপতি শপতগ্ৰহণ কৰিব ২৫ জুলাইত ।
National Desk , Ne India News