আজি বকোত শুভ উদ্বোধন ২৫ মেগাৱাট সৌৰ শক্তি প্ৰকল্প

8

আজি বকোত শুভ উদ্বোধন ২৫ মেগাৱাট সৌৰ শক্তি প্ৰকল্প

বুধবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কামৰূপ জিলাৰ বকোৰ ভালুকঘাটাত উদ্বোধন কৰে ২৫ মেগাৱাট সৌৰশক্তি প্ৰকল্প। প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীৰ উন্নয়নমুখী আদৰ্শ সৰোগত কৰি ৰাজ্য চৰকাৰে আগন্তক বৰ্ষত নৱীকৰণযোগ্য শক্তিৰ উৎসৰ দ্বাৰা ৰাজ্যৰ শক্তি উৎপাদনক আগুৱাই লৈ ৰাজ্যখনক উন্নয়নৰ নতুন উচ্চতালৈ যোৱাৰ প্ৰতিশ্ৰুতিৰে হাতত লোৱা এই প্ৰকল্পই ৰাজ্যখনৰ সৌৰ শক্তি বৃদ্ধি, কৰ্মসংস্থাপনৰ সুবিধা, পৰিৱেশ সুৰক্ষা আৰু শক্তি উৎপাদন ক্ষমতা সামগ্ৰিকভাৱে বৃদ্ধি কৰিব বুলি বক্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ। মঙ্গলবাৰে ওদালগুৰি আৰু আজি বুধবাৰে বকোত ২৫ মেগাৱাট সৌৰ শক্তি প্ৰকল্প উদ্বোধন কৰাৰ পৰিপ্ৰেক্ষিতত অহা এমাহৰ ভিতৰত শিলচৰ আৰু নগাঁওত ৫০ মেগাৱাট সৌৰ শক্তি উদ্বোধন কৰা হ’ব বুলি উল্লেখ মুখ্যমন্ত্রীৰ। লগতে যান-বাহনসমূহত পেট্ৰল ডিজেলৰ পৰিৱৰ্তে পৰৱর্তী বছৰত বিদ্যুতিক ব্যৱস্থাপনাৰ জৰিয়তে যান-বাহন ব্যৱহাৰৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ।
লগতে মুখ্যমন্ত্রী গৰাকীয়ে ৭৫ তম স্বাধীনতা দিৱসৰ দিনটোক স্মৰণীয় কৰি ৰাখিবৰ বাবে ৰাইজক ১৩ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত অমৃত বৃক্ষ ৰোপন কৰিবলৈ আহ্বান জনায় আৰু সকলোৰে ঘৰৰ সন্মুখত পতাকা উৰুৱাই ৰাখিবলৈ নির্দেশ দিয়ে আৰু ইয়াৰ বাবে ৰাইজক সুবিধা হোৱাকৈ ওচৰৰ দোকানত ১৮ টকা মূল্যত পতাকা উপলব্ধ হ’ব। ভাষণৰ মাজতে ডিব্ৰুগড় চিকিৎসালয়ত ভর্তি হোৱা জুবিন গাৰ্গৰ স্বাস্থ্যবাৰ্তা ৰাইজক অৱগত কৰি জুবিন গাৰ্গৰ আসু-আৰগ্য কামনা কৰে। আৰু যোৱাকালি মঙ্গলবাৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা নতুন আঁচনি ‘স্বনিৰ্ভৰশীল নাৰী’ আঁচনিৰ বিষয়ে উল্লেখ কৰে। লগতে মুখ্যমন্ত্রী গৰাকীয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনি আৰু অধিক শক্তিশালী কৰা হ’ব আৰু অৰুণোদয় হিতাধিকাৰীৰৰ সংখ্যা বৃদ্ধি কৰা হ’ব। বকোত ৬০ হেজাৰ হিতাধিকাৰী সংযোগ কৰা হ’ব।

উক্ত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ সৈতে উপস্থিত থাকে নন্দিতা গোলোৰ্ছা, চন্দ্ৰমোহন পাটোৱাৰী, ইউ জি ব্ৰহ্ম, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, বিধায়কসকল ক্ৰমে নন্দিতা দাস, হেমাংগ ঠাকুৰীয়া, সুমন হৰিপ্ৰিয়া আৰু ৰেকিবুদ্দিন আহমেদকে ধৰি বিশিষ্ট ব্যক্তিসকল।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here