আজি পুনৰ ED ৰ জেৰাৰ সন্মুখীন হব ছোনিয়া গান্ধী

13

আজি পুনৰ ED ৰ জেৰাৰ সন্মুখীন হব ছোনিয়া গান্ধী

নেচনেল হেৰল্ড কাকতৰ লগত জড়িত মানি লণ্ড্ৰিং গোচৰত আজি দ্বিতীয়বাৰৰ বাবে ED ৰ জেৰাৰ সন্মুখীন হব ছোনিয়া গান্ধী । সুত্ৰৰ খবৰ অনুসৰি কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী ED কাৰ্যলয়ত উপস্থিত হব দুপৰীয়া ।
ইতিমধ্যে কংগ্ৰেছ দলৰ নেতা কৰ্মী সকল ধৰ্ণা প্ৰদৰ্শনৰ বাবে ৰাজঘাটত সমবেত হৈছে । কংগ্ৰেছ দলৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগ , ৰাজঘাটত সত্যগ্ৰহ কাৰ্যসুচী পালনত বাধা দিছে । কংগ্ৰেছে লগতে অভিযোগ কৰিছে কংগ্ৰেছৰ নেতা কৰ্মী দলৰ কাৰ্যলয়লৈ অহাতো বাধা দিছে আৰক্ষীয়ে । কংগ্ৰেছ দলৰ এই ধৰ্ণা প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজঘাটৰ আশে পাশে থকা অঞ্চলত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে ।
কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী জেৰাৰ সন্মুখীন হোৱাৰ পুৰ্বে ১০ জনপথত থকা ছোনিয়া গান্ধীৰ বাসভৱনৰ সন্মুখত কটকটীয়ানিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।

National Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here