আজি পুড্ডুচেৰীত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে

0
138

 

আজি পুড্ডুচেৰীত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে

৬ এপ্ৰিলত অনুষ্ঠিত পুড্ডুচেৰী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ।
৩০ খন আসনৰ বাবে অনুষ্ঠিত হব নিৰ্বাচন ।
নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলাবলৈ মঙলবাৰে পুড্ডুচেৰীত উপস্থিত হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।
NDA ৰ প্ৰাৰ্থীৰ সমৰ্থনত অনুষ্ঠিত এক নিৰ্বাচনী জনসভাত অংশ লব প্ৰধানমন্ত্ৰীয়ে ।
প্ৰধানমন্ত্ৰীৰ আগমনক লৈ কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ।
ড্ৰোণ তথা মানৱ হীন যানৰ চলাচলত নিষেধাজ্ঞ আৰোপ প্ৰশাসনৰ ।
শুকুৰবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সিতাৰমণ , কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু গিৰিৰাজ সিঙৰ উপস্থিতিত নিৰ্বাচনী ঘোষণা পত্ৰ জাৰি কৰিছিল বিজেপিয়ে ।
বিজেপিয়ে KG ৰ পৰা PG লৈ শিক্ষা বিনামুলীয়া কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ঘোষণাপত্ৰত ।
BJP য়ে মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰীসকলক স্কুটি প্ৰদানৰ প্ৰতিশ্ৰুতিয়ো আগবঢ়াইছে ঘোষণা পত্ৰত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here