Saturday, March 25, 2023
HomeAssameseআজি ঘোষিত হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

আজি ঘোষিত হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

আজি ঘোষিত হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

 

আজি ঘোষিত হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ফলাফল অনুসৰি কলা, বিজ্ঞান, বাণিজ্য শাখাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে বহু ছাত্ৰ ছাত্ৰীয়ে।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ১৫৬১০৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ২৯৪৮৭ গৰাকী ছাত্ৰ ছাত্ৰী , আৰু ৫২৯৪৪ গৰাকী ছাত্ৰ ছাত্ৰী দ্বিতীয় বিভাগত আৰু ৪৭৮৯৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। ১৫৬১০৭ গৰাকীৰ মুঠ ১৩০৩২৪গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় আৰু শতাংশ হিচাপত ৮৩.৪৮ শতাংশ।

বাণিজ্য শাখাত ১৫১৯৯ গৰাকী অৱতীৰ্ণ পৰীক্ষাৰ্থীৰ মুঠ ১৩২৬৪গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু শতাংশ হিচাপত ৮৭.২৭ শতাংশ। বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা ১৫১৯৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৫০১৮গৰাকীয়ে প্ৰথম বিভাগত, ৫১৮৬গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৩০৬০ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

আনহাতে বিজ্ঞান শাখাত ৩৩৫৩৪ গৰাকী অৱতীৰ্ণ পৰীক্ষাৰ্থীৰ মুঠ ৩০৯১৫গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু শতাংশ হিচাপত ৯২.১৯ শতাংশ। অৱতীৰ্ণ হোৱা ৩৩৫৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২০১৭১গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, ৯৮৩৩গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৯১১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।

News desk report , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments