আজি কাৰ্যকালৰ অন্ত পৰিল ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দৰ

8

আজি কাৰ্যকালৰ অন্ত পৰিল ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দৰ

আজি দেওবাৰে ভাৰতৰ বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে কাৰ্যালয় ত্যাগ কৰাৰ প্ৰাকমহূৰ্তত দেশবাসিক উদ্দেশ্য কৰি ভাষণ প্রদান কৰিব। এই ভাষণ সন্ধিয়া সাত বজাৰ পৰা অল ইণ্ডিয়ান ৰেডিঅ’ৰ সকলো ৰাষ্ট্রীয় নেটৱর্কত সম্প্ৰচাৰিত হ’ব। আৰু বৰ্তমানৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দৰ কাৰ্যকাল আজি সমাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিততে নৱ নিৰ্বাচিত ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুৰে সোমবাৰে শপত ল’ব আৰু নতুন ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্রহণ কৰিব।
শনিবাৰে সন্ধিয়া সংসদৰ কেন্দ্ৰীয় ভৱনত সাংসদসকলে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰি ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দক বিদায় জনায়। উক্ত বিদায় অনুষ্ঠানত ৰামনাথ কোৱিন্দে দেশৰ নাগৰিক, ৰাজনৈতিক দলসমূহ আৰু সাংসদ সকলক উদ্দেশ্যি বক্তব্য প্ৰধান কৰে। য’ত তেওঁ নাগৰিকসকলক তেওঁলোকৰ প্ৰতিবাদ খুলাকৈ প্ৰকাশ কৰিবলৈ আৰু গান্ধীবাদী আদৰ্শেৰে দাবী সমূহ উপস্থাপন কৰিবলৈ আহ্বান জনায়। ৰাজনৈতিক দলসমূহক ৰাষ্ট্রীয় স্বাৰ্থত দলীয় ৰাজনীতিৰ উৰ্ধত থাকি জনসাধাৰণৰ কল্যাণৰ হকে বিবেচনা কৰিবলৈ আহ্বান জনায়। লগতে তেওঁ ভাষণত সাংসদসকলক উদ্দেশ্যে দেশৰ পাৰিবাৰিক সমস্যাসমূহ, আৰু বিতৰ্ক শান্তি, সম্প্ৰীতি আৰু আলোচনাৰ মাধ্যমেৰে সমাধানৰ বাবে আহ্বান জনায়।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here