আজি কাৰ্গিল বিজয় দিৱস

15

আজি কাৰ্গিল বিজয় দিৱস

আজি কাৰ্গিল বিজয় দিৱসৰ ২৩ টা বৰ্ষ সম্পূৰ্ণ হৈছে। প্ৰতি বছৰে ২৬ জুলাই তাৰিখে এই দিৱস পালন কৰা হয়, কাৰ্গিল বিজয় দিৱসে কাৰ্গিল যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ গৌৰৱ গাথা মনত পেলাই দিয়ে। ভাৰতীয় সেনাই ১৯৯৯ চনত লাডাখৰ উত্তৰ কাৰ্গিল জিলাৰ পৰ্বতৰ শীৰ্ষত থকা পাকিস্তানী বাহিনীক অধিকৃত স্থানৰ পৰা উৎখাত কৰিছিল। প্ৰথমতে, পাকিস্তানী সেনাই অবৈধ দখলত জড়িত থকাৰ কথা অস্বীকাৰ কৰি দাবী কৰিছিল যে এয়া কাশ্মীৰী উগ্ৰপন্থী দ্বাৰা সংঘটিত হৈছে। অৱশ্যে, পিছলৈ এৰি যোৱা নথিপত্ৰ, পিঅ’ডব্লিউৰ সাক্ষ্য আৰু পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ আৰু পাকিস্তানৰ সেনা প্ৰধান পাৰভেজ মুছাৰফে, জেনেৰেল আশ্ৰাফ ৰছিদৰ নেতৃত্বত পাকিস্তানী অৰ্ধসামৰিক বাহিনী জড়িত থকা বুলি প্ৰমাণ পোৱা যায়। কাৰ্গিল বিজয় দিৱস সমগ্ৰ ভাৰত আৰু ৰাষ্ট্ৰীয় ৰাজধানীত উদযাপন কৰা হয়। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতি বছৰে ইণ্ডিয়া গেটত অমৰ জোৱান জ্যোতিত সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অৱদানক স্মৰণ কৰিবলৈ সমগ্ৰ দেশতে এই দিৱস পালন কৰা হয়।
১৯৯৯ চনৰ ৮ মে’ৰ পৰা ১৯৯৯ চনৰ ২৬ জুলাইলৈ পাকিস্তানৰ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে ৫৫ দিনীয়া কাৰ্গিল যুদ্ধ হৈছিল। যত বিজয় সাব্যস্ত কৰিছিল ভাৰতীয় সেনাই ।
২৩ তম কাৰ্গিল বিজয় দিৱস উপলক্ষে মঙ্গলবাৰে সেনা জোৱানসকলে লাডাখস্থিত দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰকত সৈনিকসকলৰ বলিদান আৰু বীৰত্বক স্মৰণ কৰে। য’ত অৱসৰপ্ৰাপ্ত সেনা জোৱান, কাৰ্গিল যুদ্ধৰ নায়কসকলৰ আত্মীয়সকল অনুষ্ঠানটোত উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডী, প্ৰতিৰক্ষপ্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি গৃহ মন্ত্রী অমিত শ্বাহ, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰে টুইটাৰ যোগে শ্ৰদ্বানঞ্জলি জ্ঞাপন কৰে। এই দিৱস উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে National War Memorial-ত উপস্থিত থাকে। প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে জম্মুত অনুষ্ঠিত কাৰ্গিল বিজয় দিৱসৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰে।

News Bureau, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here