আজি ইষ্ট বেংগলৰ বিৰুদ্ধে খেলপথাৰত নামিব আত্মবিশ্বাসী নৰ্থ-ইষ্ট য়ুনাইটেড

0
114

আজি ইষ্ট বেংগলৰ বিৰুদ্ধে খেলপথাৰত নামিব আত্মবিশ্বাসী নৰ্থ-ইষ্ট য়ুনাইটেড

আজি ইষ্ট বেংগলৰ বিৰুদ্ধে ৩ পইণ্ট সংগ্ৰহৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব আত্মবিশ্বাসী নৰ্থ-ইষ্ট য়ুনাইটেড।ইণ্ডিয়ান চুপাৰ লীগত বিজয়ৰ লক্ষ্যৰে আজি এছ চি ইষ্ট বেংগলৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড।সন্ধিয়া ৭.৩০ বজাত তিলক ময়দান ষ্টেডিয়ামত আই এছ এলৰ নতুন দল এছ চি ইষ্ট বেংগলৰ মুখামুখি হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড

চলিত আই এছ এলত বৰ্তমানলৈ নৰ্থ-ইষ্ট য়ুনাইটেড অপৰাজেয় হৈ আছে।প্ৰখমখন খেলত নৰ্থ-ইষ্ট য়ুনাইটেডে শক্তিশালী মুম্বাই চিটি এফ চিক পৰাস্ত কৰি প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিছিল।নৰ্থ-ইষ্ট য়ুনাইটেডে বৰ্তমানলৈ তিনিখন খেলত এখন বিজয় আৰু দুখনত ড্ৰ খেলি মুঠ ৫ পইণ্টেৰে পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে।

আনহাতে, প্ৰথমবাৰৰ বাবে আই এছ এলত অংশলোৱা ইষ্ট বেংগলে বৰ্তমানলৈ দুখন খেলত অংশগ্ৰহণ কৰি দুয়োখন খেলত পৰাজয় বৰণ কৰিবলগীয়া হৈছে।ইষ্টবেংগল দলে পইণ্ট তালিকাৰ অন্তিম স্থানত আছে।

Sports Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here