আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস
সমগ্ৰ বিশ্বত আজি অৰ্থাৎ ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ধুমধামেৰে পালন কৰা হয় । ২০১৫ চনৰ ২১ জুনত প্ৰথমবাৰৰ বাবে বিশ্বত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছিল । ইয়াৰ পুৰ্বে ২০১৪ চনৰ ২৭ চেপ্তেম্বৰ ত ৰাষ্ট্ৰসংঘত ভাষণ প্ৰদান কৰাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ প্ৰস্তাৱ ৰাখিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । তাৰপিচতে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ ঘোষণা কৰে ।
আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ্নাটকৰ মহিশূৰত অনুষ্টিত অনুষ্ঠানত উপস্থিত থাকে । আজিৰ আন্তৰাষ্ট্ৰীয় যোগ দিৱস ভাৰতত আড়ম্বৰপুৰ্ণ ভাৱে অনুষ্ঠিত হয় । দেশৰ ৭৫ টা স্থানত সমুহীয়াকৈ যোগাভ্যাস অনুষ্ঠিত হয় । উত্তৰ প্ৰদেশৰ ৰাজভৱনত অনুষ্ঠিত অনুষ্ঠানত যোগাভ্যাস কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ।
National Desk , Ne India News