আজিৰ পৰা পুনৰ আৰম্ভ হব জ্ঞানব্যাপী গোচৰৰ শুনানী
গৰমৰ বন্ধৰ পিচত বেনাৰসৰ জ্ঞানব্যাপী শৃংগাৰ গৌৰী গোচৰৰ শুনানী আজিৰে পৰা আৰম্ভ হব । বেনাৰসৰ জিলা সত্ৰ ন্যায়ধীশ অজয় কৃষ্ণ বিশ্ৰেস ৰ আদালতত হব শুনানী । উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ ক্ৰমে ২৩ মেৰ পৰা জিলা সত্ৰ ন্যায়ধীশৰ আদালতত এই গোচৰৰ শুনানী গ্ৰহণ কৰা হৈছিল । CPC ৰ আদেশ ৭ আৰু ১১ ৰ মতে এই গোচৰ শুনা যোগ্য হয় নে নহয় এই বিযয়ত শুনানী গ্ৰহণ কৰি আছে আদালতে । বিগত শুনানীত মুছলমান পক্ষই নিজৰ পক্ষ ডাঙি ধৰিছিল । সুত্ৰৰ খবৰ অনুসৰি আজিও মুছলমান পক্ষই নিজৰ পক্ষ ৰাখিব আদালতত । ইয়াৰ পিচতে হিন্দু পক্ষই ৰাখিব নিজৰ পক্ষ ।
National Desk, Ne India News