Wednesday, May 31, 2023
HomeUncategorizedআজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিবেশন

আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিবেশন

আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিবেশন

সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিবেশন । এই অধিবেশন ১২ আগষ্টলৈ চলিব ।
এইবাৰ সংসদৰ বৰ্ষাকালীন অধিবেশনত চৰকাৰক ঘেৰিবলৈ সাজু হৈছে বিৰোধী । অধিবেশন উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে ।
বিৰোধীয়ে মুল্যবৃদ্ধি , বেৰোজগাৰী তথা অগ্নিপথ আঁ‌চনিক লৈ চৰকাৰক শলঠেকত পেলোৱাৰ ৰণনীতি যুগুত কৰিছে । বৰ্ষাকালীন অধিবেশনৰ পুৰ্বে যোৱা ৰবিবাৰে চৰকাৰে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিছিল । যত বিভিন্ন ৰাজনৈতিক দলৰ নেতাই অংশ লৈছিল । এইবাৰৰ বৰ্ষাকালিন অধিবেশনত সাংসদ সকলৰ ১৮ খন বৈঠক অনুষ্ঠিত হব ।
সংসদৰ বৰ্ষাকালিন অধিবেশনত চৰকাৰে প্ৰায় ২৪ বিধেয়ক গৃহীত কৰিবৰ বাবে লোকসভাত উত্থাপন কৰিব । ইয়াৰ মাজত আছে বন সংৰক্ষণ সংশোধনী বিধেয়ক , শক্তি সংৰক্ষণ সংশোধনী বিধেয়ক , পৰিয়াল আদালত সংশোধনী বিধেয়ক , ৰাষ্ট্ৰীয় ৰেল পৰিবহন সম্পৰ্কীয় বিধেয়ক ।

National Desk, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments