আজিৰে পৰা ৰাজ্যত আৰম্ভ ‘অৰুণোদয় মাহ’
আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে অৰুণোদয় মাহ । ৰাজ্যৰ বিভিন্ন জিলাত অৰুণোদয় মাহ উপলক্ষে উপস্থিত আছে মন্ত্ৰী-বিধায়ক । অৰুণোদয় আচঁনিৰ তালিকাৰ পুনঃনিৰিক্ষণৰ বাবে ২০ আগষ্টৰ পৰা আৰম্ভ হৈছে বিশেষ কাৰ্যসুচী । NCC ,নেহেৰু যুৱ কেন্দ্ৰৰ স্বেচ্চাসেৱক সকলে ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সকলৰ ঘৰত উপস্থিত হৈ জৰীপ চলাব । এই কাৰ্যসুচী অব্যাহত থাকিব ২০ অক্টোবৰলৈ ।
শনিবাৰে জনতা-ভৱনত এই জৰীপ কাৰ্যসুচীৰ শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । জনতা ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত অৰুণোদয় মাহৰ বিযয়ে বিস্তাৰিত ভাৱে ব্যাখ্যা কৰে মুখ্যমন্ত্ৰীয়ে ।
News Desk , Ne India News