Saturday, May 27, 2023
HomeAssameseআজিৰে পৰা চাউল , আটাত ভৰিব লাগিব ৫% GST

আজিৰে পৰা চাউল , আটাত ভৰিব লাগিব ৫% GST

আজিৰে পৰা চাউল , আটাত ভৰিব লাগিব ৫% GST

আজিৰে পৰা অৰ্থাৎ সোমবাৰৰ পৰা চাউল, আটা, ময়দা, মুৰি আদি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি পাব ! জিএছটি ৰ মাধমাৰ পুনৰ পৰিব ভাৰতৰ জনতাৰ ওপৰত। এক কথাত কবলৈ গলে ৰাইজ জুৰুলা হোৱাটো প্ৰায় নিশ্চিত। আজিৰে পৰা এইসমূহ সামগ্ৰী কিনিবলৈ গ’লে গ্ৰাহকে ভৰিব লাগিব পাঁচ শতাংশ জিএছটি। ইমানদিন কেৱল ব্ৰেণ্ডেড চাউলৰ পেকেটৰ ওপৰত জিএছটি লগোৱা হৈছিল। এতিয়াৰে পৰা ব্ৰেণ্ডেড হওক বা ব্ৰেণ্ডবিহীনেই হওক জিএছটি ভৰিবই লাগিব গ্ৰাহকে ।চাউল, ময়দা, আটা আদি পেকেটজাত হ’লে লাগিব জিএছটি। জিএছটি আৰোপ কৰিবলগীয়া সামগ্ৰীৰ ভিতৰত আছে দৈ, লচ্চি, বাটাৰমিল্ক আদি। এইবোৰৰ ওপৰত ৫ শতাংশ জিএছটি আৰোপ কৰা হ’ব।
আজিৰে পৰা নতুন জিএছটি ৰ যি বোজা পাৰিব সেয়া দেশৰ জনতাই কি ভাৱে গ্ৰহণ কৰিব , সেই বোজা দুখীয়া জনতাই সহিব পাৰিব নে সেয়া এক চিন্তনীয় বিষয় হৈ পৰিছে ।

National Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments