আজিৰে পৰা গুৱাহাটীত কমনৱেলথ সংসদীয় সংস্থাৰ সভা, ৫৩খন দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণ

57

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কমনৱেল্থ পাৰ্লিয়ামেণ্টৰী সংস্থাৰ মধ্য বাৰ্ষিকী সভা।অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে কমনৱেল্থ পাৰ্লিয়ামেণ্টৰী সংস্থাৰ সভা।ব্ৰিটিছৰ অধীনত থকা মুঠ ৫৩ খন দেশৰ প্ৰতিনিধি উপস্থিত থাকিব সভাত। উপস্থিত লোকসভাৰ অধ্যক্ষ ওম বিৰলা। দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ বাবে সজাই পৰাই তোলো হৈছে বিধানসভা চৌহদ। অধিক আকৰ্ষণীয় আৰু মনোমোহা কৰি তোলা হৈছে বিধান সভাৰ ভিতৰ বাহিৰ। সমগ্ৰ কমনৱেলথত ১৭ হাজাৰ সাংসদ আৰু ১৮০ খন সংসদীয় পৰম্পৰাৰ দেশ জড়িত হৈ আছে৷ ইতিমধ্যে কমনৱেলথ সংসদীয় সংস্থাৰ ৰাজহুৱা একাউণ্টেণ্ট চমুকৈ CPAৰ বহু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি গুৱাহাটীত উপস্থিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here