আজাদী কে অমৃত মহোৎসৱ

15

আজাদী কে অমৃত মহোৎসৱ

“আজাদী কে অমৃত মহোৎসৱ”ৰ কথা সকলোতে উচ্চাৰিত হৈ আছে। তাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ অনুস্থান উদযাপিত হৈ আছে।
ভাৰতৰ প্ৰধান মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপি শাসিত প্ৰদেশ সমূহৰ মূখ্যমন্ত্ৰী, বিধায়ক, সাংসদ আৰু সকলো পৰ্য্যায়ৰ কৰ্মীৰ মুখত এটাই কথা – “আজাদী কে অমৃত মহোৎসৱ”। সেনাৰ ব্ৰীগেড সমূহৰ জোৱানসকলেও অসমৰ বিভিন্ন ঠাইত এই উপলক্ষ আগত ৰাখি ৰক্তদান শিবিৰকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান চলাই আহিছে।
তাৰ উপৰিও ” হৰ ঘৰ তিৰংগা “- কাৰ্য্য সূচী পালন কৰিবলৈ প্ৰত্যেক বাস গৃহতে ১৩ আগষ্টৰ পৰা তিনিদিন জাতীয় পতাকা উত্তোলন কৰাৰ নিৰ্দেশ চৰকাৰী ভাবে ঘোষণা কৰা হৈছে।
পিছে কিনো স্বাধীনতাৰ এই অমৃত মহোৎসৱ?
অমৃত মহোৎসৱৰ অৰ্থ – ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষাত –
স্বাধীনতাৰ উদ্বোধনৰ (উষ্মা বা উৰ্জা) অমৃত। বস্তুতঃ স্বাধীনতা সংগ্ৰামৰ সেনানীয়ে দান কৰা স্বতন্ত্ৰতাৰ অমৃত। এই অমৃত মহোৎসৱ হৈছে নতুন বিচাৰৰ অমৃত, নতুন সংকল্পৰ অমৃত আৰু আত্ম নিৰ্ভৰশীলতাৰ অমৃত।

“আজাদী কে অমৃত মহোৎসৱ” ২০২১ চনৰ ১২ মাৰ্চত আৰম্ভ কৰা হৈছিল। ১৯৩০ চনৰ ১২ মাৰ্চৰ দিনটোত মহাত্মা গান্ধীয়ে ২৪ দিনৰ দীঘলীয়া পদ যাত্ৰাৰে দাণ্ডী অভিযানৰ সূচনা কৰিছিল।সেই সময়ত বৃটিছ বিৰোধী অহিংস গণ আন্দোলনক এক শক্তিশালী উদ্বোধনৰ প্ৰয়োজন হৈছিল, যাতে মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰিবলৈ অধিক লোক অনুপ্ৰাণিত হয়। তাৰ বাবেই দাণ্ডী যাত্ৰা অত্যন্ত জৰুৰী হৈ পৰিছিল। মহাত্মা গান্ধীৰ সেই বিখ্যাত আইন অমান্য আন্দোলনৰ কথা আগত ৰাখি প্ৰধানমন্ত্ৰীয়ে ২০২১ চনৰ ১২ মাৰ্চত “আজাদী কে অমৃত মহোৎসৱ” আৰম্ভ কৰিছিল।

লোণৰ ওপৰত ব্ৰিটিছৰ একক অধিকাৰ প্ৰত্যাখ্যান কৰা এই অহিংস আন্দোলনত মহাত্মা গান্ধীয়ে ৭৯ জন বিশ্বস্ত স্বেচ্ছাসেৱকৰ সৈতে দাণ্ডী মাৰ্চ আৰম্ভ কৰিছিল। গান্ধীৰ সৈতে ৭৯ জন স্বেচ্ছাসেৱীয়ে ২৪ দিনত দিনে দহ মাইলকৈ খোজ কাঢ়ি সবৰমতী আশ্ৰমৰ পৰা নৱসাৰী বা দাণ্ডীলৈ মুঠ ২৪০ মাইল (৩৮৪ কিমি) পথ অতিক্ৰম কৰিছিল। এই যাত্ৰাৰ উদ্দেশ্য সফল হৈছিল আৰু শেষত এক বিশাল জন সমূদ্ৰৰ সমাবেশ দাণ্ডীক তীৰ্থ ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিছিল। তাৰ অনুকৰণত আজাদী কে অমৃত মহোৎসৱ উপলক্ষে ৮০ জন বিশিষ্ট লোকে ২৫ দিনত ২৪১ মাইল পথ অতিক্ৰম কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
এই বাৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হ’ব। সেয়ে কেন্দ্ৰীয় চৰকাৰে এই বাৰ ১৫ আগষ্টৰ ৭৫ সপ্তাহৰ পূৰ্বে অমৃত মহোৎসৱ কাৰ্য্যসূচী আৰম্ভ কৰিছে আৰু এই কাৰ্য্যসূচী ২০২৩ চনৰ ১৫ আগষ্টলৈকে পালন কৰাৰ সংকল্প লৈছে।
এইবোৰৰ উপৰিও আছে অনেক কাৰ্য্যসূচী। এই লিখনিত সকলো বৰ্ণনা কৰা সম্ভৱ নহয়। এইখিনিতে অমৃত মহোৎসৱৰ অন্য এটা কাৰ্য্যসূচী হৈছে: ” হৰ ঘৰ তিৰংগা “। প্ৰশ্ন উত্থাপন হৈছে- তিনি দিনীয়াকৈ প্ৰত্যেকৰে ঘৰত কিয় জাতীয় পতাকা উত্তোলন কৰিব লাগে? জাতীয় পতাকাক লৈ কোনোবাই ব্যৱসায় কৰিছে নেকি?
দুয়োটা প্ৰশ্নৰ যুক্তিযুক্ততা আছে নে নাই তাৰ উত্তৰ প্ৰত্যেকৰ বাবে ভিন্ন। কিন্তু পতাকাক লৈ যে ব্যৱসায় হৈছে সেয়া নিশ্চিত। সমান জোখৰ একোখন পতাকাৰ দাম বিভিন্ন ঠাইত বিভিন্ন। কন্ট্ৰোলৰ চাউল পোৱা সকলৰ বাবে তাৰ দাম ১৮ টকা। সাধাৰণ দোকানত ৩০ টকা। আৰু কিছুমান আত্ম সহায়ক গোটত কোনোবা কো – অৰ্ডিনেটৰে পতাকা আনি দি সদস্যসকলৰ পৰা ৫০/৬০ টকাকৈ মূল্য আদায় দিবলৈ জোৰ কৰিছে । যদি কোনো গোটৰ সদস্যই একোখন পতাকাৰ দাম ৫০/৬০ টকা দিবলৈ আপত্তি কৰিছে, তেন্তে কোৱা হৈছে যে তেওঁলোকে চৰকাৰৰ পৰা লাভ কৰা ঋণৰ চাবচিডিৰ পৰা বঞ্চিত হ’ব লগতে আন আন সুবিধাৰ পৰা বঞ্চিত কৰা হ ব। তাতেই প্ৰশ্ন উত্থাপন হৈছে – এই ব্যৱস্থাটোৰ লগত চৰকাৰ প্ৰত্যেক্ষ ভাবে জড়িত নেকি? চৰকাৰৰ কোনোবা বিভাগৰ কোনো মন্ত্ৰী-বিষয়া জড়িত হৈ আছে নেকি?
উত্তৰবোৰ স্পষ্ট হ’লে ভাল হয়।

আন এটা কথায়ো চিন্তাশীল ব্যক্তি সকলক শংকিত কৰিছে।
নিয়ম অনুসৰি আমাৰ জাতীয় পতাকাৰ আকাৰ ৩:২ অনুপাতত হ’ব লাগে, খদ্দৰ কাপোৰৰ হ’ব লাগে । বৰ্তমান বজাৰত উপলব্দ্ধ কিছুমান জাতীয় পতাকাবোৰৰ আকাৰ আৰু চিলাই দেখি হতভম্ব হ’ব লগা হৈছে । চিলাই কোন ঠাইত পৰিছে, তাৰ হিচাপ নাই, দীঘল-বহলৰ অনুপাত নিমিলে।
তাৰ পিছত আন এটা কথাও গুৰুত্বপূৰ্ণ হৈ উঠিছে।
সেয়া হ’ল – ১৫ আগষ্ট পাৰ হোৱাৰ পিছত এই বৃহত সংখ্যাৰ পতাকাবোৰ আমাৰ চৌপাশে ৰাস্তাই-ঘাটে পৰি থাকি আমাক অস্বস্তিকৰ অৱস্থাত পেলাব নেকি? পতাকাবোৰৰ আলৈ-আথানি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। পতাকাবোৰৰ অপমান কৰা মানুহৰ সংখ্যাটোও কম নহয়। কোনোবাই অজানিতে অপমান কৰিব পাৰে আৰু দুষ্ট লোকে ইচ্ছা কৰি পতাকাখন ৰাস্তাত বা নলা-নৰ্দমাত নিক্ষেপ কৰা কোনো ডাঙৰ কথা নহয়। তেনেকুৱা হ’লে সংবাদ মাধ্যমেও চিঞৰ বাখৰ কৰিবলৈ সুবিধা পাব আৰু দুখীয়াৰ ল’ৰাই মিঠাই পোৱাৰ দৰে, বিৰোধীয়ে তাকেই চেলেকি থাকিব।
সময় হাতত থাকোঁতেই তেনেকুৱা পৰিস্থিতিৰ যাতে উদ্ভৱ নহয়, তাৰ বাবে আমি চিন্তা কৰিব লাগিব।
সৰ্বোপৰি, এটা কথা মনত ৰাখিব লাগিব যে – মানুহৰ হৃদয়ত জাতীয় প্ৰেম জোৰ কৰি সুমুৱাই দিব নোৱাৰি। কোনো আইন বা চৰকাৰেও জাতীয় প্ৰেম উৎপন্ন কৰিব নোৱাৰে। দেশপ্ৰেম জাগ্ৰত হয় হৃদয়ত স্বতঃস্ফুৰ্ত ভাবে।
প্ৰকৃত দেশপ্ৰেমী হিচাপে আমি আশা ৰাখিম- সকলোৱে “আজাদী কে অমৃত মহোৎসৱ’ত ভাগ লৈ দেশৰ বাবে কৰণীয় খিনি কৰি যাব। জয় হিন্দ্

ড০ আৰ কে বেজবৰুৱা, তেজপুৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here