“আজাদী কা অমৃত মহোৎসৱ” উপলক্ষে ৰ77 Mountain Brigade উদ্যোগত ৰক্তদান শিবিৰ
“আজাদী কা অমৃত মহোৎসৱ” উপলক্ষে 77 Mountain Brigade (মাদ্ৰাজ ৰেজিমেন্ট) -ৰ উদ্যোগত তেজপুৰ মেডিকেল কলেজ হস্পিটেলৰ ৰক্তভঁড়াল সহযোগত আজি ২৯/৭/২০২২ তাৰিখে ৰঙাপৰা স্থিত ছেইন্ট প’ল স্কুলত এটা ৰক্তদান শিবিৰ সফলতাৰে সম্পন্ন হৈ যায়।

ৰক্তদান শিবিৰত তেজপুৰ মেডিকেল কলেজৰ ৰক্ত ভড়ালৰ দায়িত্বত থকা ডাঃ বিপুল কাকতি, টেকনিকেল বিভাগৰ মকবুল হুছেইন, ৰাতুল দাস, প্ৰণিতা দলে, দিপাংকৰ, ইক্ৰামুল হুছেইন আদিৰ লগতে সহযোগী হিচাপে ড০ আৰ কে বেজবৰুৱা উপস্থিত থাকি ৪২ গৰাকী সৈন্যৰ জোৱানে দান কৰা ৰক্ত সংগ্ৰহ কৰাৰ কৃতজ্ঞতা স্বৰূপে 77 Mountain Brigade (মাদ্ৰাজ ৰেজিমেন্ট) -ৰ তৰফৰ পৰা প্ৰণাম পত্ৰ যাচি কৃতজ্ঞতা জ্ঞাপন কৰে।
“আজাদী কা অমৃত মহোৎসৱ” উপলক্ষে 77 Mountain Brigade-ৰ জোৱান সকলে ছেইন্ট প’ল স্কুলৰ খেল পথাৰত বিভিন্ন ধৰণৰ কুচকাৱাজ, শাৰীৰিক দক্ষতাৰ প্ৰদৰ্শন, গীত-মাতৰ দ্বাৰা তাত সমবেত হোৱা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক কিছুমান সময় মোহাচ্ছন্ন কৰি ৰাখে। লগতে দেশপ্ৰেমৰ বিভিন্ন গাঁথা বৰ্ণনাৰ দ্বাৰা দৰ্শকৰ মন আলোড়িত কৰি তোলে।
ড০ আৰ কে বেজবৰুৱা, তেজপুৰ, Ne India News