আঘাত প্ৰাপ্ত জুবিনক চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্রেৰণ

10

আঘাত প্ৰাপ্ত জুবিনক চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্রেৰণ

ৰিজ’ৰ্টৰ বাথৰুমত পৰি আঘাতপ্ৰাপ্ত জুবিন। সোমবাৰে জোনাইত অনুষ্ঠান পৰিৱেশন কৰি মঙলবাৰে ডিব্ৰুগড়লৈ আহিছিল জুবিন। ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ’ৰ্টত আছিল শিল্পীগৰাকী। ৰি’জৰ্টৰ বাথৰূমতে পৰি আঘাতপ্ৰাপ্ত হয় জুবিন।বাথৰুমত পৰিমূৰৰ পিছফালে আঘাত পাইছে জুবিনে। যাৰ ফলত মূৰত চিলাই পৰিছে জুবিনৰ।ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছে জুবিন। বৰ্তমান জুবিনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। চিকিৎসকে কোৱা মতে অনিয়মীয়া খোৱা–লোৱাৰ বাবে এনেধৰণৰ সমস্যা হৈছে শিল্পীগৰাকীৰ । ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছিল জুবিন ।গুৱাহাটীৰ আয়ূৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হ’ব জুবিনক। সঞ্জীৱনীৰ পৰা বিমানবন্দৰলৈ গ্ৰীন কৰিড’ৰৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমান জুবিনৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে চিকিৎসকে।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here