আগষ্টৰ পৰা আৰম্ভ হ’ব মিছন ভূমিপুত্ৰ: ড° হিমন্ত বিশ্ব শর্মা
ৰাজ্যবাসীৰ বাবে কেইটামান বিশেষ ঘোষণাৰ লগতে দেশবাসীলৈ আহ্বান মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ। ফেচবুক, টুইটাৰৰ প্ৰফাইলত দেশবাসীয়ে লগাব লাগিব পতাকাৰ ফটো। ৭৫ তম স্বাধীনতা দিৱসৰ দিনটোক ধৰি ৰখাৰ মানসেৰে জাতীয় পতাকাৰে চেলফি উঠি প্ৰত্যেকে নিজৰ নিজৰ ছ’চিয়েল মেডিয়াত আপলোড দিয়াৰ লগতে প্ৰফাইলত ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ পতাকাৰ ফটো লগোৱাৰ আহ্বান মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ।
লগতে ST, SC, OBC-ৰ লোকসকলৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ বিশেষ ঘোষণা। এতিয়াৰে পৰা অফিচে অফিচে ঘূৰিব নালাগে ST, SC আৰু OBC-ৰ লোক। ১ আগষ্টৰ পৰা আৰম্ভ হ’ব লগীয়া মিছন ভূমিপুত্ৰৰ অধীনত প্ৰদান কৰা হ’ব জাতিগত প্ৰমাণ পত্ৰ। অনলাইন প্ৰক্ৰিয়াৰ যোগে লাভ কৰিব জাতিগত প্ৰমাণ পত্ৰ। ইয়াৰ বাবে এক বিশেষ প’ৰ্টেল মুকলি কৰিব চৰকাৰে। যাৰ জৰিয়তে ৩০ দিনৰ ভিতৰতে লাভ কৰিব জাতিগত প্ৰমাণ পত্র। লগতে ছাত্র-ছাত্রীসকলে বিদ্যালয়তে লাভ কৰিব জাতিগত প্ৰমাণ পত্র।
হিমন্ত বিশ্ব শর্মাৰ আন এক গুৰুত্বপূৰ্ণ ঘোষণা। বৃদ্ধি কৰা হ’ব চৰকাৰী কৰ্মচাৰীৰ কাৰ্যকাল। সততাৰে কাম কৰা চৰকাৰী কৰ্মচাৰীৰ কাৰ্যকাল এক বছৰলৈ বৃদ্ধি কৰা হ’ব। ইয়াৰোপৰি ৰাজ্য চৰকাৰে দূৰ্নীতিৰ পৰা আতৰত থাকি কাম কৰা চৰকাৰী কৰ্মচাৰীক প্ৰদান কৰিব লোক কল্যাণ পুৰস্কাৰ। প্ৰতিখন জিলাৰ ৩ গৰাকী কৰ্মচাৰীক প্ৰদান কৰা হ’ব এই পুৰস্কাৰ। লগতে ৰাজ্যিক পর্যায়ত প্ৰদান কৰা হ’ব ১০ গৰাকী কৰ্মচাৰীক।
ইয়াৰোপৰি মুখ্যমন্ত্রীৰ আন এক বিশেষ ঘোষণা। ২ অক্টোবৰৰ পৰা সম্পূৰ্ণ Paperless হ’ব সচিবালয়ৰ কাম-কাজ। জনসাধাৰণক তেওঁলোকৰ তথ্য ফটো আকাৰত স্কেন কৰি সচিবালয়লৈ পঠিওৱাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ।
News Desk, Ne India News