আগন্তুক দুটা দিন মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বাবে গুৰুত্বপুৰ্ণঃ একনাথ সিন্ধে
মঙলবাৰে দুপৰীয়া প্ৰায় ১ বজাত হঠাৎ হোটেল ৰেডিচন ব্লুৰ বাহিৰত উপস্থিত হয় । হোটেল বাহিৰত অপেক্ষাৰত সাংবাদিকক একনাথ সিন্ধেই পৰৱৰ্তী ৰণনীতিৰ ওপৰত আভাস দিয়ে । শিঘ্ৰে মুম্বাইলৈ ৰাওনা হব একনাথ সিন্ধে । শিৱসেনাৰ বিসম্বাদী নেতা একনাথ সিন্ধেই কয় , আমি হিন্দুত্বক লৈ আগবাঢ়িছো । আমি বৰ্তমানেয়ো শিৱসেনা । আমি শিৱসেনাক আগলৈ লৈ যাম ।
গুৱাহাটীৰ হোটেলত বাহৰ পাতি থকা শিৱসেনাৰ বিধায়ক আৰু নিৰ্দলীয়া বিধায়ক সকলক বলপুৰ্বক ভাৱে ৰাখি থোৱা হৈছে বুলি আদিত্য ঠাকৰে আৰু সঞ্জয় ৰাওটে উঠোৱা অভিযোগক পোনচাটেই নাকচ কৰিছে একনাথ সিন্ধেই । সিন্ধেই কয় , বিধায়কসকল নিজেই উপস্থিত হৈছে হোটেল ।
পৰৱৰ্তী পদক্ষেপৰ বিযয়ে শিঘ্ৰেই সংবাদ মাধ্যমক অৱগত কৰিব বুলি মন্তব্য একনাথ সিন্ধেৰ ।
News Desk , Ne India News