AIMIM ৰ নেতা অকবৰউদ্দিন ওৱেচীয়ে নিজামাবাদ আৰু নিৰ্মলত প্ৰদান কৰা উচতনি মুলক ভাষণৰ বিৰুদ্ধে ২০১২ চনত ৰুজু হৈছিল গোচৰ ।
বিশেষ ধৰ্মালম্বীৰ বিৰুদ্ধে হিংসাত্মক তথা উচতনি মুলক ভাষণ প্ৰদান AIMIM ৰ নেতা আকবৰউদ্দিন ওৱেচীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ বুধবাৰে ৰায়দান কৰিব হাইদাৰাবাদৰ বিশেষ আদালতে ।
সাংসদ তথা বিধায়কৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ শুনানী গ্ৰহণ কৰা হাইদাৰাবাদৰ বিশেষ আদালতে এই ৰায়দান কৰাৰ কথা আছিল মঙলবাৰে । কিন্ত আকবৰউদ্দিনৰ পক্ষৰ অধিবক্তা আৰু গোচৰীয় পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ অন্তত বিশেষ আদালতে ৰায়দানৰ দিন ধাৰ্য কৰে আজি ( বুধবাৰ ) ।
আকবৰউদ্দিন ওৱেচি টেলেংগনা বিধানসভাত AIMIM ৰ এগৰাকী নেতা । আকবৰউদ্দিন ওৱেচি AIMIM ৰ সাংসদ ওবেচউদ্দিন ওৱেচিৰ কণিষ্ট ভ্ৰাতৃ ।
নিজামবাদত ২০১২ চনৰ ৮ ডিচেম্বৰ আৰু নিৰ্মলত ২০১২ চনৰে ২২ ডিচেম্বৰত অনুষ্ঠিত জনসভাত মুকলিকৈ বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে বিষবাষ্প বিয়পায় , উচটনিমুলক ভাষণ প্ৰদান কৰিছিল । তাৰপিচতে আকবৰউদ্দিনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেবাটাও ধাৰাত গোচৰ ৰুজু হৈছিল । তাৰপিচতে AIMIM নেতা আকবৰউদ্দিন গ্ৰেপ্তাৰ হৈছিল যদিও পিচলৈ জামিনত মুক্তি লাভ কৰিছিল । গোচৰ সমুহৰ তদন্ত কৰা CID য়ে তদন্ত সম্পুৰ্ণ কৰি ২০১৬ চনত চাৰ্জশ্বিট দাখিল কৰিছিল । ঠিক একেদৰে ২০১৬ চনতে নিৰ্মলৰ জিলা আদালতেও চাৰ্জশ্বিট দাখিল কৰিছিল ।
News Desk , Ne India News