আই পি এলৰ পৰা বাহিৰ হল চেন্নাই ছুপাৰ কিংছ

0
166

আই পি এলৰ পৰা বাহিৰ হল চেন্নাই ছুপাৰ কিংছ

শ্বাৰজাহত অনুষ্ঠিত এখন মেচত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি চলিত আই পি এলৰ পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হৈছে৷
ল’ স্ক’ৰিং মেচখনত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছক ১০ উইকেটত পৰাস্ত কৰে৷মেচখনত চেন্নাইয়ে প্ৰথমে বেটিং কৰিব আহি মুম্বাই ইণ্ডিয়ানছৰ বলিংৰ সন্মুখত তিস্তিব নোৱাৰি মাত্ৰ ১১৪ ৰানহে কৰিবলৈ সক্ষম হয় ৷
দলটোৰ হৈ ছাম কৰনে সর্বাধিক ৫২ ৰান কৰাৰ বাহিৰে বাকীসকল বেটছমেন সম্পূর্ণৰূপে ব্যর্থ হয়৷ দলটোৰ চাৰিগৰাকী বেটছমেনেহে দহকৰ ঘৰ স্পর্শ কৰিবলৈ সক্ষম হয়৷ অধিনায়ক ধোনীয়ে ১৬, ছার্দুল ঠাকুৰে ১১ আৰু ইমৰান তাহিৰে অপৰাজিতভাৱে ১৩ ৰানৰ অৰিহণা আগবঢ়ায় ৷
মুম্বাইৰ হৈ ট্রেণ্ট বল্টে চাৰিটা উইকেট লাভ কৰাৰ লগতে বুমৰাহ আৰু ৰাহুল চহৰ উভয়ে দুটা তথা কল্টাৰ নেইলে এটা উইকেট লাভ কৰে৷
আনহাতে জয়ৰ বাবে বান্ধি দিয়া ১১৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিব আহি মুম্বাই ইণ্ডিয়ানছৰ ঈশান কিশনৰ অপৰাজিত অর্ধশতক আৰু কুইণ্টন ডি ককৰ দর্শনীয় অপৰাজিত ৪৬ ৰানৰ সহায়ত মুম্বায়ে ১২.২ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ বিজয়ৰ লক্ষ্যত উপনীত হয়৷ কিশনে ৩৭টা বলত ৬টা চাৰি আৰু পাঁচটা ছয়েৰে ৬৮ ৰান কৰে৷

এই মেচখনত চেন্নাই ছুপাৰ কিংছ পৰাজয়ৰ লগে লগে চলিত আই পি এলৰ পৰা বিদায় লোৱাটো নিশ্চিত হৈ পৰে৷

Sports Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here