আই পি এলত হাৰ্ডিক বাহিনীৰ বৃহৎ জয়, অন্তিম দুটা অভাৰ- বাউণ্ডেৰীয়ে গুজৰাটক দিলে জয়ৰ প্ৰলেপ

53

আই পি এলত হাৰ্ডিক বাহিনীৰ বৃহৎ জয়। যুঁজি যুঁজিও পৰাজয়ৰ মালা পিন্ধিলে পঞ্জাব কিংছে । ৰাহুল টেৱাতিয়াৰ ২ টাকৈ অভাৰ বাউণ্ডেৰীৰে গুজৰাট টাইটানছৰ বিজয় সাব্যস্ত । শতকৰ বাবে ৪ ৰাণত থমকিল শুভমন গিল। ক্ৰিকেটত সকলো সম্ভৱ, তাকেই পুনৰ প্ৰমাণ কৰিলে গুজৰাটৰ ৰাহুল টেৱাতিয়াই ।
শুক্ৰবাৰে, আই পি এলৰ মহাৰণৰ এখন ৰোমাঞ্চকৰ মেচ । সমুখ সমৰত পঞ্জাব কিংছ বনাম আই পি এলৰ নতুন দল গুজৰাট টাইটানছ । শেষৰ দুটা বললৈকে গম ধৰিব পৰা নাছিল কোনটো দল জিকিব । গুজৰাটক প্ৰয়োজন আছিল ১৯০ ৰাণ । কিন্তু ১৯ অভাৰ ৪ টা বললৈকে হাৰ্ডিক বাহিনীক প্ৰয়োজন আছিল ১২ ৰাণৰ । সেই অসম্ভৱক সম্ভৱ কৰিলে গুজৰাটৰ ৰাহুল টেৱাতিয়াই । শেষৰ দুটা বলত দুটাকৈ ছিক্সাৰে বিজয় লক্ষ্যত উপনীত কৰালে গুজৰাট টাইটানছক । যিটো বিজয় হয়তো, অনুৰাগী বা অধিনায়ক হাৰ্ডিক পাণ্ডিয়াৰ বাবেও আছিল অবিশ্বাস্য । যাৰবাবে মেচখন জিকাৰ পাছতো পেভেলিয়নত অন্য এক ৰূপত দেখা গৈছিল হাৰ্ডিক পাণ্ডিয়াক। ইফালে শুভমন গিলেও গুজৰাটৰ হৈ ৫৯ টা বলত ৯৬ ৰাণৰ সুন্দৰ ইংনিছ খেলে । অধিনায়ক হিচাপে হাৰ্ডিক পাণ্ডিয়াই ২৭ ৰাণ সংগ্ৰহ কৰি আউট হলেও ৰাহুল টেৱাতিয়াই দিলে জয়ৰ প্ৰলেপ ।
একপ্ৰকাৰ বহু যুঁজিও শিৰনত কৰিলে মায়ংক বাহিনীয়ে । ৯ টা উইকেটৰ বিনিময়ত পঞ্জাৱে সংগ্ৰহ কৰে ১৮৯ ৰাণ । পঞ্জাৱৰ হৈ এল লিভিংষ্টনে ২৭ টা বলত ৬৪ ৰাণৰ বৰঙণি যোগায় । অধিনায়ক হিচাপে মায়ংক আগৰৱালই ৯ টা বলত ৫ ৰাণ কৰিয়েই আউট হয় । এক কঠিন লক্ষ্য লৈ ক্ৰীজত নমা গুজৰাটে চলিত ছিজনত তৃতীয় বাৰলৈ বিজয় সাব্যস্ত কৰিলে । লগে লগে ৬ পইন্ট সংগ্ৰহেৰে তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হ’ল গুজৰাট । ইফালে চাৰিখন মেচৰ ভিতৰত দুখনত জয়লাভ কৰি ৪ পইন্টৰে তালিকাৰ ষষ্ঠ স্হানত আছে পাঞ্জাব কিংছ । শনিবাৰে অনুষ্ঠিত হ’ব দুখনকৈ হাই ভল্টেজ মেচ । এখনত অৱতীৰ্ণ হ’ব চেন্নাই ছুপাৰ কিংছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ, আনখনত আৰ চি বি বনাম মুম্বাই ইণ্ডিয়ানছ । আই পি এলত বহু খেল আহিল আৰু গ’ল। কিন্তু নতুন দল হিচাপে শুক্ৰবাৰে আই পি এলত গুজৰাটে যি প্ৰদৰ্শন আগবঢ়ালে ,সদায় মনত ৰাখিব অনুৰাগীয়ে। গুজৰাট টাইটানছ দলৰ হিৰোত পৰিণত হল ৰাহুল টেৱাতিয়া ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here