আই এছ এলত জয়েৰে অভিযান আৰম্ভ কৰিলে নর্থ–ইষ্ট ইউনাইটেড

0
97

আই এছ এলত জয়েৰে অভিযান আৰম্ভ কৰিলে নর্থ–ইষ্ট ইউনাইটেড

আই এছ এলত জয়েৰে অভিযান আৰম্ভ কৰিছে নর্থ–ইষ্ট ইউনাইটেডে ৷গোৱাত অনুষ্ঠিত এখন মেচত নর্থ–ইষ্ট ইউনাইটেডে মুম্বাই চিটী এফ চিক ১–০ গ’লত পৰাস্ত কৰে৷আৰম্ভণিৰে পৰা আক্রমণ মূলক খেল খনত প্ৰথমটো হাফ গ’লশূন্যভাৱে সামৰণি পৰে৷ খেলৰ প্ৰথমাধতে মুম্বাই চিটী এফ চিৰ আহমেদ জাহুৱে ৰেড কার্ড লাভ কৰে
মেচখনৰ ৪৩ মিনিটত ফাউলৰ বাবে ৰেড কার্ড লাভ কৰে মুম্বাই চিটী এফ চিৰ ভৰসা আহমেদ জাহুৱে৷ ইয়াৰ পাছত দলটোৱে ১০গৰাকী খেলুৱৈৰে খেলিবলগীয়া হয়৷

দ্বিতীয়ার্ধৰ আৰম্ভণিতে নর্থ–ইষ্ট ইউনাইটেডে সফলতা অর্জন কৰিবলৈ সক্ষম হয়৷৪৯ মিনিটত কেউচি আপিয়াই এটা পেনাল্টী গ’ললৈ ৰূপান্তৰিত কৰি নর্থ–ইষ্ট ইউনাইটেডক জয় নিশ্চিত কৰে৷ এই জয়েৰে নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে সম্পূর্ণ তিনি পইণ্ট অর্জন কৰে৷
Sports Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here