অ-ৰাজপত্ৰিত কৰ্মচাৰীক লোকসেৱা বঁটা প্ৰদান
শুক্ৰবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ পৱিত্ৰ পুণ্যতিথিত লোক কল্যাণ দিৱস উপলক্ষে ১০ গৰাকী অ-ৰাজপত্ৰিত কৰ্মচাৰীক লোকসেৱা বঁটা প্ৰদান কৰা হয়। ইয়াৰ লগতে জিলা পৰ্যায়ৰ ৮৯ গৰাকী অ-ৰাজপত্ৰিত কৰ্মচাৰীকো জনসাধাৰণৰ প্ৰতি সমৰ্পিত সেৱাৰ স্বীকৃতি স্বৰূপে এই বঁটাৰে সন্মানিত কৰা হৈছে৷
লোক কল্যাণ দিৱস উপলক্ষে মিছন সদ্ভাৱনাৰ অংশ হিচাপে আৰু মিছনৰ প্ৰথম পৰ্যায়ৰ সম্পূৰ্ণ হোৱাৰ লগে লগে পুৰণি ফাইলসমূহ বিনশন কৰাৰ প্ৰক্ৰিয়া শুভাৰম্ভ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। ইয়াৰ যোগেদি অসম সচিবালয়ত পুৰণি ফাইলসমূহ বিনশনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।
News Desk, Ne India News