অৱশেষত সন্ধান ওলাল আলিবাবা কোম্পানীৰ প্ৰতিষ্ঠাতা জেক মাৰ
সকলো উৎকণ্ঠাৰ অৱসান ঘটাই সন্ধান পোৱা গৈছে আলিবাবা কোম্পানীৰ প্ৰতিষ্ঠাতা জেক মাৰ।চীনৰ এক সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি জেক মাই চীনৰ গাঁও অঞ্চলৰ ১০০ জন শিক্ষকৰ সৈতে বৈঠকত মিলিত হোৱাৰ এক ভিডিঅ’ প্ৰকাশ পাইছে।
অক্টোবৰ মাহত চীনৰ চৰকাৰৰ বেংক নীতিৰ বিৰোধিতা কৰি চীন চৰকাৰৰ ৰোষত পৰিছিল জেক মা।তাৰ পাছৰে পৰা অক্টোৱৰ মাহৰ পৰাই সন্ধানহীন হৈ আছিল যদিও শেহতীয়াকৈ তেওঁৰ সন্ধান পোৱা গৈছে।
উল্লেখ্য যে তেওঁ উদ্ভাৱন কৰা নিজৰ টেলেন্ট শ্ব’তেওঁৰ উপস্থিতি দেখা পোৱা যোৱা নাছিল।।উল্লেখ্য যে দেশখনৰ কেন্দ্ৰীয় বেংকৰ নীতিক সমালোচনা কৰাৰ পাছৰে পৰাই আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল আলিবাবা আৰু জেক মা’ৰ আন এটি প্ৰতিষ্ঠান অ্যান্ট গ্ৰুপ।
News Desk Ne India