অৰ্ণমাই বৰাৰ জঘন্য হত্যাকাণ্ডৰ  ৰায়দান

0
861

অৰ্ণমাই বৰাৰ জঘন্য হত্যাকাণ্ডৰ  ৰায়দান

news desk ne india
২০১৭ চনৰ ৩১ মে’৷ সংঘটিত হৈছিল ৫৮ বছৰীয়া অৰ্ণমাই বৰাৰ জঘন্য হত্যাকাণ্ড ৷ প্ৰথমতে ধৰ্ষণ তাৰ পিছত হত্যাকাণ্ড। এক পাশৱিক ,বৰ্বৰ হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ অসম ৷ শিক্ষাৰ পোহৰ বিলাবলৈ গৈ ধৰ্ষণ তথা হত্যাকাণ্ডৰ বলি হৈছিল হোজাই জিলাৰ যমুনামুখৰ শিক্ষয়ত্ৰী অৰ্ণমাই বৰা ৷ যমুনামুখৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী আছিল অৰ্ণমাই ৷ বিদ্যালয় ছুটীৰ পিছত গৃহ অভিমুখে আহি থকা অৱস্থাত চেলিম উদ্দিন আৰু মইনুল হক নামৰ দুই পাষণ্ডই ধৰ্ষণ কৰি হত্যা কৰে ৷ আৰু তাৰ পিছতেই মৃতদেহ উটুৱাই দিয়ে কপিলী নৈত ৷সমগ্ৰ অসম কঁপোৱা এই জঘন্য কাণ্ডৰ সন্দৰ্ভত দাখিল কৰা গোচৰৰ ভিত্তিত মংগলবাৰে শংকৰ নগৰস্থিত অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ এন এচ দেউৰী আদালতে ৩০২,২০১ আৰু ৩৭৬ ধাৰাৰ অধীনত দুই পাষণ্ডক দোষী সাব্যস্ত কৰে ৷ ইয়াৰ পিছত উক্ত জঘন্য কাণ্ডৰ দুই পাষণ্ডৰ ফাঁচীৰ দাবী কৰে অৰ্ণমাই বৰাৰ স্বামীৰ লগতে পৰিয়ালবৰ্গই ৷উল্লেখযোগ্য যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ১ আগষ্টত আদালতে প্ৰদান কৰিব শাস্তিৰ ৰায়দান ৷ লগতে অধিবক্তা গৰাকীয়ে দুই পাষণ্ডৰ মৃত্যুদণ্ডৰ শাস্তি বিচাৰি মহামান্য আদালতত আবেদন কৰিব  ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here