অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ পুজাৰ উপহাৰ
অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে সুখবৰ। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় হিতাধিকাৰীক এইবাৰ অক্টোবৰত পুজাৰ উপহাৰ হিচাপে বঢ়াই দিয়া হ’ব আঁচনিৰ ধন। অক্টোবৰ মাহৰ পৰা ২৫০ টকাকৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। বৰ্তমানৰ ১০০০ টকাৰ সৈতে অক্টোবৰৰ পৰা হিতাধিকাৰীয়ে পাব মাহে ১২৫০ টকাকৈ। যোৱা কিছুদিন পূর্বে এই সিদ্ধান্ত গ্ৰহণ হিমন্ত চৰকাৰৰ। ৰাজ্যত বৰ্তমান অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মুঠ ২৭০০৭৭৫ গৰাকী, আৰু ইয়াৰ লগত ৭০৫০০০ গৰাকী সংযোগ কৰা হ’ব বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
News Desk, Ne India News