মঙলবাৰে আমগুৰিত ৭০ মেগাৱটৰ এক চোলাৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । আমগুৰিত অনুষ্ঠিত ৰাজহুৱা জনসভাত উপস্থিত থাকি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে আমগুৰিত ৭০ মেগা ৱাট স্থাপন হোৱা চোলাৰ বিদ্যুৎ প্ৰকল্পটোৱে অসমৰ আৰ্থ সামাজিক দিশত উল্লেখযোগ্য প্ৰভাৱ পেলাৱ । এতিয়াৰে পৰা আৰু ৰাজ্যই আন প্ৰদেশৰ পৰা বিদ্যুৎ ক্ৰয় কৰিব লগা নহব । বিদ্যুৎ মাছুল বৃদ্ধিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় , আগন্তুক দিনত বিদ্যুৎৰ মাছুল বৃদ্ধি কৰা নহব বৰঞ্চ ভবিয্যত দিনত বিদ্যুৎ ৰ মাছুল হ্ৰাস কৰাহে হব বুলি তাৎপৰ্যপুৰ্ণ মন্তব্য কৰে ।
ইয়াৰোপৰিও মুখ্যমন্ত্রী গৰাকীয়ে কয় যে অৰুণোদয় আঁচনিৰ ধনৰাশি ১০০০ টকাৰ পৰা ১২৫০ টকালৈ বৃদ্ধি কৰা হ’ব। ইয়াৰে বৃদ্ধি কৰা ২৫০ টকা দৰিদ্র পৰিয়ালৰ লোকে সকলে বিদ্যুতৰ বিল পৰিশোধ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব বুলি মন্তব্য মুখ্যমন্ত্রী গৰাকীৰ।
News Desk, Ne India News