অৰুণোদয়ত অন্তৰ্ভূক্ত হ’ব অতিৰিক্ত ৬ লাখ হিতাধিকাৰী

70

মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জুৰুলা কৰাৰ পৰিপ্রেক্ষিততে ৰাজ্য চৰকাৰে অৰুণোদয় হিতাধিকাৰীৰ বাবে লৈ আহিল আন এক আশাৰ ৰেঙনি ।কিয়নো , পূৰ্বতে অৰুণোদয়ত নাম অন্তৰ্ভূক্ত হোৱা ২০ লাখ হিতাধিকাৰীৰ লগতে এইবাৰ অতিৰিক্ত  ৬ লাখ হিতাধিকাৰীৰ নাম অন্তৰ্ভূক্ত কৰা হ’ব ।
তদুপৰি , অৰুণোদয় হিতাধিকাৰীক ৭০ মেগাৱত বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিব । তেওঁলোকক ৰাজ্য চৰকাৰে প্রতিমাহে একাউন্টত ২৫০ টকাকৈ প্রদান কৰিব । লগতে সেই ধন ৭০ মেগাৱত বিদ্যুতৰ মাচুলৰ বাবদ বিদ্যুৎ বিভাগক আদায় দিব লাগিব । এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সদৰী কৰিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আৰু ইতিমধ্যে তেওঁ ব্যক্ত কৰিছে যে , ২০ লাখ অৰুণোদয়  হিতাধিকাৰীৰ পৰা কিছুসংখ্যকৰ নাম কৰ্তন কৰি তাৰ ঠাইত অৰুণোদয় সপ্তাহতে  অতিৰিক্ত ৬ লাখ হিতাধিকাৰীৰ নাম অন্তৰ্ভূক্ত কৰিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here