উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠন সমূহত অব্যাহত আছে সদস্য ভৰ্তি অভিযান। নতুন সদস্যৰ বিদ্রোহী সংগঠনটোত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যৰে ম্যানমাৰৰ টাগাৰ পৰা আহি উপস্থিত হলহি অৰুণাচলৰ চাংলাংৰ জয়ৰামপুৰত।। টাগা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠন সমূহৰ মুখ্য প্ৰশিক্ষণ কেন্দ্ৰ।। মুখ্য প্ৰশিক্ষণ কেন্দ্ৰৰ শীৰ্ষ পৰ্য্যায়ৰ NSCN ৰ নেতা ৰ’জেন চাকমাৰ নিৰ্দেশ মৰ্মে জয়ৰামপুৰত উপস্থিত হয় চাৰ্জেন্ট মেজৰ ৰাবে গালন নামৰ দুধৰ্শ সদস্য জন অৰুণাচলত উপস্থিত হয়
। গালনে মেও দিৱানৰ নন্দন কাণন নামে গাঁৱৰ পৰা ডেনিয়ল চাকমা নামৰ এজন 24 বছৰীয়া যুৱকক ম্যানমাৰ পথে লৈ যোৱাৰ অৱস্থাত 19 নং আসাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ জয়ৰামপুৰ থানাৰ যুটীয়া অভিযান দুই গৰাকী সদস্যক আটক কৰিবলৈ সক্ষম হয়।। অন্যহাতে এই দুই সদস্যক সহায়ৰ হাত আগবঢ়োৱা তিনি জনকৈ অন্য যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো।। তেওঁলোক হৈছে ক্ৰমে,, নয়ন কুমাৰ চাকমা, টাজ কুমাৰ চাকমা আৰু শান্তিমুনি চাকমা।। এই তিনিও গৰাকী যুৱকৰ ঘৰ মেও দিৱানৰ নন্দন কানন গাঁৱত।। অৱশ্যে অভিযানকালত সদস্য কেইজনৰ পৰা কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ পোৱা নগল যদিও বৰ্তমানে আটকাধিন সদস্য কেইজনৰ পৰা অধিক তথ্য লাভ কৰাৰ বাবে জেৰা অব্যাহত ৰাখিছে অৰুণাচল আৰক্ষীয়ে।
ৰণ্টু বৰশইকীয়া , তিনিচুকিয়া , Ne India News