Saturday, March 25, 2023
HomeAssameseঅৰুণাচলত কাম কৰিবলৈ গৈ দুৰ্গম স্থানত আৱদ্ধ মৰাণৰ ১১ শ্ৰমিক

অৰুণাচলত কাম কৰিবলৈ গৈ দুৰ্গম স্থানত আৱদ্ধ মৰাণৰ ১১ শ্ৰমিক

অৰুণাচলত কাম কৰিবলৈ গৈ দুৰ্গম স্থানত আৱদ্ধ মৰাণৰ ১১ শ্ৰমিক

কৰ্মসংস্থানৰ বাবে গৈ অৰুণাচল প্ৰদেশৰ দূৰ্গম অঞ্চলত আৱদ্ধ হৈ আছে মৰাণৰ খোৱাং বোকাহোলাৰ ১১ জনকৈ যুৱক ৷

যোৱা ২ চেপ্টেম্বৰত ঘৰৰ পৰা অৰুণাচললৈ যোৱা যুৱককেইজনৰ সৈতে যোগাযোগ বিচিন্ন হৈ থকাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল ৷

অভিযোগ অনুসৰি মৰাণৰ চিত্ৰ গোহাঁই আৰু নিতু শৰ্মা নামৰ দুজন লোকে অৰুণাচলৰ কোনো ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা প্ৰত্যেকজন লোকৰ বিপৰীতে তিনিহাজাৰকৈ টকা লৈ শ্ৰমিকৰ যোগান ধৰিছিল ৷

অত্যন্ত দূৰ্গম অঞ্চলত পথ নিৰ্মাণত নিয়োজিত কৰা খোৱাঙৰ এই যুৱকসকলৰ অৱস্থাক লৈও দু:চিন্তাত ভূগিছে পৰিয়ালৰ লোক ৷ আনহাতে এই যুৱকসকলৰ লগত যোৱা খোৱাঙৰ বাঘতলি পথাৰৰ ৩ জন যুৱকক ইতিমধ্যে উদ্ধাৰ কৰি আনিছে পৰিয়ালৰ লোকে ৷

অৰুণাচলত কাম কৰিবলৈ গৈ দুৰ্গম স্থানত আৱদ্ধ মৰাণৰ ১১ শ্ৰমিক

উভটি অহা যুৱককেইজনৰ ভাষ্য অনুসৰি অৰুণাচলৰ অতি দূৰ্গম স্থানত তেওঁলোকক প্ৰতিকূল বতৰৰ মাজতে কামত নিয়োজিত কৰা হৈছিল ৷ দুৰ্গম পাহাৰীয়া অঞ্চলত কাম কৰা কোনো শ্ৰমিকে পলায়নৰ চেষ্টা কৰিলে অমানুষিক নিৰ্যাতন চলোৱা বুলিও জানিবলৈ দিছে যুৱককেইজনে ৷

ইতিমধ্যে আৱদ্ধ হৈ থকা যুৱকসকলক ঘূৰাই আনিবলৈ পৰিয়ালৰ লোকে মৰাণৰ লোক দুজনক অনুৰুধ জনাইছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাত উপায়হীন হৈ পৰিছে আত্মীয়-স্বজন ৷

ই বিষয়ে খোৱাং আৰক্ষী থানাত পৰিয়ালকেইটাই অৱগত কৰিছে যদিও বৰ্তমানলৈকে সুফল লাভ কৰা নাই ৷

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments