অৰবিন্দ কেজৰিৱালক আন্না হাজাৰেৰ পত্ৰ ! কি লিখিছে পত্ৰত ?
আন্না হাজাৰেৰ নেতৃত্বত দিল্লীৰ যন্তৰ মন্তৰত হোৱা আন্দোলনৰ দয়াত বহু আন্দোলনকাৰী নেতা হল , মন্ত্ৰী-বিধায়ক হল । অৰবিন্দ কেজৰিৱাল মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিলে কেন্দ্ৰীয় শাসিত ৰাজ্য দিল্লীৰ ।
যি আদৰ্শ, নীতি লৈ এই আন্দোলন কৰা হৈছিল , সেই আদৰ্শ বা নীতি পিচৰ পৰ্যায়ত এই নেতা সকলে পালন কৰিছে ?
আন্না আন্দোলনৰ আলম লৈ গঠন হোৱা আম আদমী পাৰ্টীয়ে নিজ আদৰ্শ জীয়াই ৰাখিব পাৰিছে নে ?
আম আদমী পাৰ্টিৰ নেতা তথা মন্ত্ৰী আজি জেল হাজোতত । উপ-মুখ্যমন্ত্ৰী মণিষ চিচোদিয়াৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ অভিযোগ ।
আপৰ কামকাজক লৈ অসন্তুষ্ট আন্না হাজাৰে
সমগ্ৰ দেশত চৰ্চা লাভ আম আদমী পাৰ্টিৰ এনে কাম-কাজক লৈ অসন্তুষ্ট প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰে ।
দিল্লীৰ আৱকাৰী নীতিক লৈও প্ৰশ্ন উত্থাপন কৰিছে আন্না হাজাৰেই । এক পত্ৰ যোগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মনত পেলাই দিছে । আন্না হাজাৰেই পত্ৰত লিখিছে , আপোনাৰ (অৰবিন্দ কেজৰিৱাল) পৰা বহু আশা কৰিছিলো । আপুনি আদৰ্শ , বিচাৰধাৰা পাহৰি গল নেকি ?
লগতে আন্না হাজাৰে লিখিছে , আপুনি ‘স্বৰাজ’ নামৰ গ্ৰন্থত আদৰ্শ , বিচাৰধাৰাৰ কথা লিখিছিল । কিন্ত ৰাজনৈতিক ক্ষেত্ৰত খোজ পেলাই আপুনি আদৰ্শ , বিচাৰধাৰাক পাহৰি গল বুলি অনুভৱ হৈছে ।
দিল্লীৰ আৱকাৰী নীতিক লৈও পত্ৰত মন্তব্য আন্না হাজাৰেৰ । তেওঁ লিখিছে , মদ, মাদক দ্ৰব্যৰ যেনেকৈ নিচা আছে , তেনেকৈ ক্ষমতাৰো নিচা আছে । আপুনি আজি তেনে নিচাত ডুব গৈছে বুলি অনুভৱ হৈছে ।
National Desk , Ne India News