অস্ত্ৰৰ সংগ্ৰাম ত্যাগ কৰি , কৰ্মৰ সংগ্ৰামত ব্ৰতী এগৰাকী যুৱক ।

0
1258

” সাক্ষাৎ”ত অকপটে স্বীকাৰ কৰিলে বহু নিৰ্মম সত্য”

NE INDIA NEWS: স্বাধীন অসমৰ স্বপ্ন বুকুত বান্ধি আন দহজন যুৱকৰ দৰে আপোন ঘৰখনৰ পৰা ওলাই গৈছিল যুৱকজন । বুকুত অদম্য স্পৃহা , কাম কৰাৰ অফুৰন্ত শক্তি । কিন্ত এই শক্তিয়ে লক্ষ্যত স্থিৰ ৰাখিৱ নোৱাৰিলে যুৱকজনক । কিয়নো স্বাধীন অসমৰ নামত নিষিদ্ধ ঘোষিত সন্ত্ৰাসৱাদী সংগঠন আলফাত যোগদান কৰা স্বাধীনমনা যুৱকজন কিন্ত সন্তুষ্ট হব নোৱাৰিলে সংগঠনটোৰ আভ্যন্তৰীণ নীতি আদৰ্শত । দলীয় ভিতৰ চ’ৰাৰ কুটিল ৰাজনীতি , শীৰ্ষ নেতৃত্বৰ দমনীয় স্বভাৱ আৰু সাধাৰণ জনতাৰ ক্ৰমে হ্ৰাস পোৱা সমৰ্থনৰ বাবে অৱশেষত সশস্ত্ৰ সংগ্ৰামৰ পথ ত্যাগ কৰি স্বাভাৱিক জীৱনলৈ ওভতি আহিলে যুৱকজন । ইয়েই যেন জীৱনৰ টাৰ্ণিং পইন্ট হিচাপে পৰিগণিত হল আত্মনিৰ্ভৰশীলতাৰ সপোন দেখা যুৱক শিৱসাগৰৰ বিকাশ জ্যোতি শৰ্মাৰ । সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি আহিয়ে নিজে কিবা এটা  কৰাৰ পণ ললে । পৰিবৰ্তিত সময় আৰু পৰিস্থিতিত এক পৰিবৰ্তনকামী চেতনাৰে কৰ্ম সংস্কৃতিৰ বাতাবৰণ গঢ়ি তোলাৰ জৰিয়তে এক স্বাৱলম্বিতাৰ পৰিবেশ সুচনা কৰি নিবনুৱা সমস্যা সমাধানৰ বাবে এক সুপৰিকল্পিত আৰু বাস্তৱবাদী পথেৰে খোজ পেলাইছে বিকাশ জ্যোতি শৰ্মাই । অসমত উপলব্ধ  কেচাঁ‌ মালৰ জৰিয়তে , ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলা আৰু উদ্যোগত উৎপাদিত উপাদানখিনিক লৈ বহুমুখী বজাৰৰ ব্যৱস্থা প্ৰৱৰ্তন আৰু নেটৱৰ্কৰ জৰিয়তে নিয়ন্ত্ৰণ কৰি প্ৰতিযোগীতামুলক বজাৰ গঢ়ি তোলাত আগ্ৰহী বিকাশ শৰ্মাই , Ne india ৰ সাক্ষাৎ অনুষ্ঠানত বহু গুৰুত্বপূৰ্ণ দিশ ডাঙি ধৰিলে । ……………

তলৰ ভিডিঅ’টোত ক্লিক কৰক আৰু সম্পূণ সাক্ষাৎ অনুষ্ঠানটি উপভোগ কৰক।

https:/youtu.be/G9tzL1rr53A?t=35

LEAVE A REPLY

Please enter your comment!
Please enter your name here