অস্ত্ৰৰ লাইচেঞ্চ বিচাৰি মুম্বাই আৰক্ষীৰ ওচৰত আবেদন চলমান খানৰ

13

অস্ত্ৰৰ লাইচেঞ্চ বিচাৰি মুম্বাই আৰক্ষীৰ ওচৰত আবেদন চলমান খানৰ

শুকুৰবাৰে বিয়লি প্ৰায় ৪ বজাত হঠাৎ মুম্বাইৰ আৰক্ষী সঞ্চালকৰ কাৰ্যলয় সক্ৰিয় হৈ পৰিল । মিডিয়াৰ ভীৰ , জনতাৰ ভীৰ চম্ভালিবলৈ কষ্ট কৰিব লগা হল আৰক্ষী । মিডিয়াৰ , জনতাৰ দৃষ্টি CP কাৰ্যলয়ৰ মুল দুৱাৰখনলৈ ।
কিছু সময় পিচতেই কাৰ্যলয়টোৰ পৰা ওলাই আহিল ভাইজান চলমান খান । আৰক্ষী সঞ্চালক বিবেক পানচালকাৰ সাক্ষাৎ কৰাৰ উদ্দেশ্যে কাৰ্যলয়টোত উপস্থিত হৈছিল অভিনেতা চলমান খান ।
এই সাক্ষাৎ ৰ কাৰণ কি ?
কিছুদিন পুৰ্বে চলমান খানক হত্যাৰ ভাবুকি দি এক পত্ৰ প্ৰেৰণ কৰিছিল গেংষ্টাৰ লৰেন্স বিষ্ণুই গোটে । মৰ্ণিং ৱাকৰ সময়ত চলমানৰ পিতৃ চেলিম খানক এই ভাবুকি ভৰা পত্ৰ প্ৰদান কৰিছিল কোনো অচিনাক্ত লোকে ।
বলিউডৰ ভাইজান চলমানক হত্যাৰ ভাবুকি দিয়াৰ কথা প্ৰচাৰ হোৱাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।
অভিনেতা চলমানৰ জীৱন শৈলীটো পৰিছিল ইয়াৰ প্ৰভাৱ । প্ৰতিবছৰে ঈদৰ সময়ত গেলেক্সী এপাৰ্টমেন্টৰ পৰা অনুৰাগীক শুভেচ্চা জনাই অহা চলমানে এইবাৰৰ ঈদত অনুৰাগীক দৰ্শন দিয়াৰ পৰা বিৰত থাকিল ।
কলা হিৰণৰ হত্যাৰ গোচৰত নাম সাঙুৰ খোৱা চলমান খানক হত্যা কৰাৰ মুকলিকৈ ভাবুকি দি আহিছিল বিষ্ণুই সমাজৰ গেংষ্টাৰ লৰেন্স বিষ্ণুই । চলমানক হত্যাৰ চুপাৰীও দিছিল চাৰ্প শ্বুটাৰক । সেইমতে গেলেক্সি এপাৰ্টমেন্টৰ ৰেকিও কৰিছিল শ্বাৰ্প শ্বুটাৰে । পৰিকল্পনা অনুযায়ী অনুৰাগীক দৰ্শন দিয়াৰ সময়তে হত্যা কৰা হব অভিনেতা চলমান খানক । কিন্ত , চাৰ্প শ্বুটাৰ নিজৰ পৰিকল্পনাক বাস্তৱ ৰুপ দিয়াৰ পুৰ্বেই গ্ৰেপ্তাৰ হৈছিল মুম্বাই আৰক্ষীৰ হাতত । তাৰপিচতে পোহৰলৈ আহে লৰেন্স বিষ্ণুই গোটৰ পৰিকল্পনাৰ কথা ।
হত্যাৰ ভাবুকি লাভ কৰা চলমানে নিজৰ লগত ৰাখিব বিচাৰিছে অস্ত্ৰ । সেয়ে শুকুৰবাৰে অস্ত্ৰ ৰখাৰ লাইচেন্স প্ৰদান কৰিবলৈ আবেদন কৰে আৰক্ষীৰ ওচৰত । মুম্বাই আৰক্ষী সঞ্চালকক সাক্ষাৎ কৰি অনুৰোধ জনায় শিঘ্ৰে অস্ত্ৰ লগত ৰখাৰ অনুৰোধ জনাবলৈ । অভিনেতা গৰাকী মুম্বাই আৰক্ষী Joint CP কো সাক্ষাৎ কৰে ।
আৰক্ষীয়ে ইতিমধ্যে চলমান খানৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে । গেলেক্সী এপাৰ্টমেন্টত অতিৰিক্ত সুৰক্ষা কৰ্মী মোতায়ন কৰিছে ।
অভিনেতা চলমানৰ আবেদনৰ সন্ধৰ্ভত আৰক্ষীয়ে কি সিদ্ধান্ত গ্ৰহণ কৰিব এয়া আগন্তুক দিনত জানিব পৰা যাব ।

Entertainment Desk, Ne India News

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here