অস্কাৰৰ বাবে মনোনীত অসমীয়া ছবি

0
1098

NE INDIA: অস্কাৰলৈ মনোনীত ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ। বিদেশী ভাষাৰ ছবিৰ শিতানত মনোনীত হৈছে ভিলেজ ৰকষ্টাৰ্ছ।  প্ৰথমখন অসমীয়া ছবি হিচাপে এই বিৰল সন্মান ৰীমা দাসৰ লগতে ভিলেজ ৰকষ্টাৰ্ছলৈ। পদ্মাৱত, ৰাজী আদি নাম চৰ্চাত আছিল যদিও ভাৰতৰ পৰা ৯১ সংখ্যক একাডেমী এৱাৰ্ডৰ বাবে মনোনীত হ’ল অসমীয়া ছবি ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ। ২৮খন ছবিৰ পৰা নিৰ্বাচিত কৰা হয় ভিলেজ ৰকষ্টাৰ্ছক। এই ছবিখনে ৪বাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ সহিত ৪৪ টা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এই ছবিখনত কৰা অনবদ্য অভিনয়ৰ বাবে ভনিতা দাসে শ্ৰেষ্ঠ শিশু শিল্পীৰ বটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে মল্লিকা দাসে এই ছবিখনৰ বাবে Best location আৰু শ্ৰেষ্ঠ sound recordist বঁটা লাভ কৰিছিল ৷

আদিল শ্বাহ আলম,  NE INDIA NEWS

LEAVE A REPLY

Please enter your comment!
Please enter your name here