অস্কাৰত সাফল্যৰ বাবে “VILLAGE ROCKSTAR” ক লাগিব ৰজাঘৰ প্ৰজাঘৰৰ সদিচ্ছা

0
949
NE INDIA:  ৰীমাক দাসক লৈ সম্প্ৰতি অসমত আনন্দৰ বন্যা বৈছে ৷ অসমীয়া চলচিত্ৰৰ দুৰ্দিনত অসমৰ ছবিয়ে অস্কাৰৰ মজিয়া গৰকিব পৰাটো  সমগ্ৰ অসমবাসীৰ কাৰণেই গৌৰৱৰ বিষয় ৷ ৰীমা দাসৰ “VILLAGE ROCK STAR” ৰ সাফল্যই অসমীয়া চিনেমালৈ আনিছে আশাৰ বতৰা ৷ অন্যহাতে অসমীয়া ছবি জগতলৈ প্ৰথম বাৰৰ বাবে অহা এই বৃহৎ সাফল্যই এক নতুন মাত্ৰা প্ৰদান কৰিব অসমীয়া ছবি জগতক ৷ কিন্তু ৰাইজে পাহৰিব নালাগে, এই সফলতাক আগবঢ়াই নিবলৈ ৰীমা দাসক লাগিব অতি কমেও ৩- ৪ কোটি টকা। কাৰণ একাডেমি পুৰস্কাৰটোৰ বাবে প্ৰয়োজন ব্যয়বহুল প্ৰমোচনৰ। গতিকে অসমবাসী ৰাইজে যিয়ে যেনেকৈ পাৰে প্ৰয়োজনীয় টকাখিনি, চৰকাৰ আৰু ৰাইজে মিলি নিৰ্মাতা গৰাকীক দিয়া উচিত । তেতিয়াহে আমি আৰু ভাল খবৰ আশা কৰিব পাৰিম । নহলে এই আনন্দ উল্লাসৰ একো মূল্যই নাথাকিব ৷ গতিকে আহক আমি সকলোৱে মিলি অসমবাসী ৰাইজৰ গৌৰৱ ৰিমা দাসৰ সাফল্যক বাস্তৱত ৰুপায়িত কৰোঁ ৷
অমৰদ্বীপ গগৈ,গুৱাহাটী 

LEAVE A REPLY

Please enter your comment!
Please enter your name here